Site icon crypticknwoledge.com

ইন্টাৰনেটৰ তিতা মিঠা

১। চমুকৈ উত্তৰ লিখা ।
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উঃ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্ৰথম হৈ উত্তীর্ণ হােৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইন্টাৰনেট কি?
উঃ ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উঃ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যােৱা তাইৰ বান্ধৱী শ্বেৰেণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল ?
উঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যােৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাছ কি?
উঃ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা একধৰণৰ কম্পিউটাৰ প্ৰ’গ্রাম।

2। Www বা ৱেব কি?
উঃ ৱর্ল্ড ৱাইড ৱেব বা ৱেব হৈছে সমগ্র বিশ্বজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ।

(ক) কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল?
উঃ কুঁৱলীৰ দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল।

(খ) কুঁৱলীৰ বান্ধৱী শ্বেৰণে ক’লৈ পঢ়িবলৈ গৈছিল ?
উঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল।

(গ) কোনে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তর্ভুক্ত কৰিছিল ?
উঃ শ্বাবানা বাইদেৱে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তর্ভুক্ত কৰিছিল

(ঘ) ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণ ৰূপটো হ’ল Vital information resources under seize 1

(ঙ) ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ?
উঃ ইণ্টাৰনেটক চমুকৈ নেট (Net) বুলি কোৱা হয়।

(চ) কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্রীৱ হৈ পৰিছিল?
উঃ কুঁৱলী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্রীৱ হৈ পৰিছিল।

(ক) কুঁৱলীৰ দেউতাকে তাইক কি আশাৰে কম্পিউটাৰটো উপহাৰ দিছিল?
উঃ কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়— এই আশাৰে দেউতাকে কুঁৱলীক কম্পিউটাৰটো উপহাৰ দিছিল।

(খ) কুঁৱলীয়ে তাইৰ আইতাকৰ পৰা কি সাধুকথা শুনিছিল?
উঃ কুঁৱলীয়ে আইতাকৰ পৰা যাদুকৰী আইনা থকা ৰাজকুমাৰীৰ সাধু শুনিছিল। ৰাজকুমাৰীয়ে জানিব খােজা যিকোনাে কথাৰ বিষয়ে আইনাখনক সুধিলেই জানিব পাৰিছিল।

(গ) ইণ্টাৰনেটত সঘনে ব্যৱহাৰ হােৱা কেইটামান গুৰুত্বপূৰ্ণ শব্দ কি কি?
উঃ ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা শব্দবােৰ হৈছে— ৱেব পেজ (Web Page), বেৱছাইট (website), হ’ম পেজ (Home Page),ব্রাউজাৰ (Browser) ইত্যাদি।

ঘ) ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মূল কাৰণটো কি ?
উঃ বিজ্ঞান, কলা বা অইন যিকোনাে জানিব খােজা কথা আমাক ইণ্টাৰনেটে নিমিষতে জনাব পাৰে। এয়াই ইণ্টাৰনেটৰ জনপ্রিয়তাৰ মূল কাৰণ।

(ঙ) কুঁৱলীয়ে কিদৰে মাক-দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল ?
উঃ ভ্রমণলৈ যাবলৈ ওলাই কুঁৱলীৰ মাক-দেউতাকৰ কত চিন্তাঙ্গ কিন্তু কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত টিকট কটা, হােটেল বন্দবস্ত কৰা, প্রয়ােজনীয় সাজ-পােছাক আৰু অন্যান্য লাগতিয়াল সামগ্রী কিনা ইত্যাদি কাম কৰি নিমিষতে তেওঁলােকৰ সমস্যা সমাধান কৰিলে।

(চ) কুঁৱলীৰ মনটো কিয় বিষাদগ্রস্ত হৈ পৰিছিল ?
উঃ কুঁৱলীৰ বান্ধৱী এজনীয়ে ইণ্টাৰনেটত বৰ বেছিকৈ ব্যস্ত হৈ থাকি একো কথালৈ মন নকৰা হৈছে। সমাজৰ পৰা বিচ্ছিন্ন হােৱাৰ দৰে থাকে, ৰাস্তাই-ঘাটেও নীতি-নিয়ম নমনাকৈ যায়। তাইৰ ভায়েক পলৰাে একেই দশা। পঢ়া-শুনালৈ পিঠি
দি ভিডিঅ’ গেম খেলাত ব্যস্ত থাকে। সৰুৰে পৰাই পঢ়া-শুনাত চোকা ল’ৰাটোৱে ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত উত্তীর্ণই হ’ব নােৱাৰিলে। এইবােৰ কথা জানি কুঁৱলীৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল।

Exit mobile version