Site icon crypticknwoledge.com

জিকিৰ

A. অতি চমু প্রশ্নাৱলীঃ মূল্যাংক – ১ নম্বৰকৈ   

  ১। ‘মোমিনৰ’ অর্থ কি?

   উত্তৰঃ ‘মোমিনৰ’ অর্থ হ’ল বিশ্বাসী মুছলমান ।    

   B.চমু প্রশ্নাৱলীঃ মূল্যাংকন ২/৩ নম্বৰকৈ ।  

   ১। চমুটোকা লিখাঃ  আজান ফকিৰ

   উত্তৰঃ আজান ফকিৰঃ   জিকিৰৰ সৰহভাগেই “আজান ফকিৰ” বুলি বিখ্যাত শ্বাহ মিলন নামৰ এগৰাকী ইছলামধর্মী সাধু পুরুষৰ দ্বাৰা ৰচিত । এওঁ অসমলৈ আহে কোনোৰমতে আজমীৰৰ পৰা আরু কোনোৰে মতে আৰৱ দেশৰ পৰা । এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান কৰা হয়- ১৬৩৪ খ্রীষ্টাব্দ আরু ১৭৩৪ খ্রীষ্টাব্দ । ড০ সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে গদাধৰ সিংহৰ দিনৰ রূপাই দা ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকিৰৰ চকু কাঢ়ে । গদাধৰ সিংহৰ ৰাজত্ব কাল ১৬৮১ – ১৬৯৬ চন । সেয়ে, জিকিৰৰ তাৰিখ সঠিকভাৱে কোৱা টান । সাধাৰণ লোকৰ বিশ্বাস অনুসৰি জিকিৰসমূহ আজান ফকিৰৰ দ্বাৰা ৰচিৰ । আহোম ৰজাই রূপাই দা ধৰাৰ কথা শুনি তেওঁৰ চকু কঢ়ায় । কিন্তু পাছত তেওঁৰ ধর্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌ মুখৰ শৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয় । তাতেই চাহাবৰ মৃত্যু হয় ।    অসমৰ বৈষ্ণৱ ধর্মৰ লগত আজান ফকিৰ চাহাবৰ প্রবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আরু লোকগীতৰ প্রতি ধ্বনি শুনা যায় ।     

   অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলীঃ-  

   A. অতি চমু প্রশ্নাৱলী (মূল্যাংকন ১ নম্বৰকৈ)  

   ১। আজান ফকিৰৰ প্রকৃত নাম কি আছিল ?

  উত্তৰঃ আজান ফকিৰৰ প্রকৃত নাম হ’ল- শ্বাহ মিলন ।    

  ২। ‘জিকিৰ গীত’ কোন ধৰ্মাৱলম্বীৰ মাজত প্রচলিত?

  উত্তৰঃ ‘জিকিৰ গীত’ মুছলমান ধৰ্মাৱলম্বীৰ লোকৰ মাজত প্রচলিত ।    

  ৩। জিকিৰত উল্লেখ থকা ‘আদম’ কোন?

  উত্তৰঃ জিকিৰত উল্লেখ থকা ‘আদম’ হ’ল আদিম মানুহ, আল্লাৰ সৃষ্ট প্রথম মানৱ ।     

  ৪। জিকিৰত প্রধানকৈ কিহৰ ওপৰত গুরুত্ব দিয়া হৈছে?

  উত্তৰঃ জিকিৰত প্রধানকৈ ধর্ম অর্থাৎ আল্লাৰ বা ঈশ্বৰৰ ওপৰত গুরুত্ব দিয়া হৈছে ।   

  ৫। মক্ক কি?

  উত্তৰঃ মক্ক হ’ল ইছলাম ধৰ্মাৱলী লোকৰ পবিত্র তীর্থস্থান ।     

  ৬। ‘আজান ফকিৰ’ক কি বুলি আখ্যা দিয়া হয় ?

  উত্তৰঃ ‘আজান ফকিৰ’ক আজান পীৰৰ বুলি আখ্যা দিয়া হয় ।     

  ৭। ‘জিকিৰ গীত’ জনপ্রিয় হোৱাৰ মূল কাৰণ কি?

  উত্তৰঃ জিকিৰ গীতবোৰে জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে সকলোৱে গাব পাৰিছিল বাবে গীতবোৰ জনপ্রিয় হৈ পৰিছিল ।     

  ৮। ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে ?

  উত্তৰঃ ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই হিন্দু আরু মুছলমানক বুজাইছে ।    

  ৯। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?

 উত্তৰঃ মক্কাৰ দুৱাৰত তিৰ্‌বেণী ঘাটৰ কথা কোৱা হৈছে ।    

  ১০। তিৰ্‌বেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে ?

  উত্তৰঃ তিৰ্‌বেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে ।     

  ১১। শব্দার্থ লিখাঃ  

  উত্তৰঃ  ৰহম – দয়া ।  দৰিয়া – সাগৰ, নদী ।  সঞ্চাৰ – চলা, সিঁচা ।   তিৰবেনী – গঙ্গা, যমুনা আরু সৰস্বতীৰ সংগম স্থল, পবিত্র ঠাই ত্রিবেনী ।  আচমান – আকাশ ।  কুটুব – ধ্রুৱ নক্ষত্র ।   ভেল – দেহ, শৰীৰ ।   ভজো – ভজন কৰা ।   খোদা – ঈশ্বৰ ।   দৰিকা – এবিধ মাছ ।   পাৱত – চৰণত, ভৰিত ।   বেহাব – বেপাৰ কৰিব ।   অগ্নি – জুই ।   মইনা – এবিধ চৰাই ।  

  B.চমু প্রশ্নাৱলী (মূল্যাংক ২/৩ নম্বৰকৈ)     

  ১। জিকিৰ বোৰক কি গীত বুলি ক’ব পাৰি ?

  উত্তৰঃ জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । এই শব্দটো ‘জিক্‌ৰ্‌’ শব্দৰ পৰা ওলাইছে । ‘জিকিৰ’ শব্দৰ মূল অর্থ স্মৰণ কৰা, উল্লেখ কৰা, আল্লাৰ নাম, গুণ বা প্রশংসাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা । সেয়ে মুছলমানসকলৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি । এই অর্থত ইয়াক ইছলামসকলৰ ভকতীয়া গীত বুলিও ক’ব পাৰি । ইছলাম ধর্মৰ মূল তত্ত্ববৰ এই গীতৰ মাজত নিহিত হৈ আছে ।    

  ২। ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।’  – এইফাঁকি কথাৰ ‘ৰছুল’ আরু ‘মোমিন’ শব্দ দুটাৰ অর্থ লিখা ।

  উত্তৰঃ প্রশ্নত উল্লেখ কৰা ‘ৰছুল’ শব্দৰ অর্থ হ’ল- দেৱদূত, ঈশ্বৰ প্রেৰিত পুরুষ, আল্লাৰ দূত আরু ‘মোমিন’ শব্দৰ অর্থ হ’ল- বিশ্বাসী মুছলমান ।  

 অতি চমু প্রশ্নঃ  

১। জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি?

  উত্তৰঃ ইছলাম ধর্মীয় নীতি আরু তত্ত্বই জিকিৰসমূহৰ অন্তর্নিহিত বিষয় । লগতে, ভালেমান জিকিৰত সংসাৰৰ অনিত্যতাৰ বর্ণনা দাঙি ধৰা হৈছে ।  

  ২। জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?

  উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায় ।    

  ৩। জাৰি গীতত কিহৰ ঘটনা বর্ণিত হৈছে?

 ‘জাৰি’ শব্দৰ প্রকৃত অর্থ কি?

  উত্তৰঃ জাৰিসমূহ মূলতঃ করুণ ৰসাত্মক গীত । ইয়াৰ মূল অর্থ হৈছে- বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে ।   

  ৪। জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্রবেশ কৰিছে ?

  উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আরু ফাৰ্চীমূলীয় শব্দৰ প্রৱেশ ঘটিছে ।    

  ৫। কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

  উত্তৰঃ রূপাই দা ধৰাই আজান ফকিৰৰ চকু কাঢ়িছিল । 

 চমু উত্তৰ দিয়াঃ ২/৩ নম্বৰকৈ   

  ১। চুফীবাদ কি?

   উত্তৰঃ চুফীবাদ বা ৰহস্যবাদ পৰমার্থ বিষয়ক জ্ঞান আরু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা । ইছলাম ধর্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্রেমৰ মাধ্যমেদি মুক্তি লাভ সম্ভৱ বুলি ইয়াত বিশ্বাস কৰা হৈছে ।     

   ২। চুফী শব্দতোৰ উৎপত্তি সম্পর্কত কি কি মত পোৱা যায় ?

  উত্তৰঃ ‘চুফী’ শব্দৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায় । সেয়া হৈছে-  (ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা ‘চুফী’ শব্দৰ উৎপত্তি হৈছে ।   (খ) ফাৰ্চী ভাষাত বগা উলক ‘সুফ’ বোলে । গতিকে যিসকলে নিজকে পাৰ্থিৱ অপবিত্রতাৰ পৰা নিজকে মুক্ত কৰিছে, তেওঁৱেই চুফী ।   (গ) আন এটা মত অনুসৰি, যিয়ে ভোগবিলাস পৰিহাৰ কৰি সহজ-সৰল জীৱন-যাপন কৰিছে, সেয়ে চুফী ।   

  ৩। চুফীকাব্যৰ মূল প্রেৰণা কি?

  উত্তৰঃ ভাৰতীয় প্রেমভক্তিৰ চুফীবাদৰ আধ্যাত্মিকতা আরু নৈতিকতাৰ প্রভাব পৰিছে । গজল গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্রভাৱিত কৰিছিল । পিছত, হিন্দু আরু মুছলমান উৎস কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে ।  

  ৪। চুফী প্রেম কেনেধৰণৰ ?

  উত্তৰঃ চুফীসকলৰ প্রেম একনিষ্ঠ । তেওঁলোকে জগতৰ প্রতি অণু-পৰমাণুৰ মাজতো প্রিয়তমাৰ সুখৰ সোন্দৰ্য উপলব্ধি কৰে ।    

  ৫। চুফীসকলে কোনটো দিশৰ ওপৰত অধিক গুরুত্ব দিয়ে?

  উত্তৰঃ চুফীসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও ৰহস্যবাদী দিশটোৰ ওপৰতহে অধিক গুরুত্ব আৰোপ কৰা দেখা যায় ।   

  ৬। চুফীসকলৰ প্রতীক প্রয়োগৰ গুরুত্ব কোনখিনিত ?

  উত্তৰঃ চুফীসকলে পৰআত্মাৰ সৈতে আমাৰ আকুল কামনাক বিবিধ উপমা প্রতীক আদিৰ জৰিয়তে সুন্দৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুরুত্ব দিয়া দেখা যায় ।     

  ৭। চুফী সাহিত্যৰ প্রকৃতি কেনেধৰণৰ ?

  উত্তৰঃ চুফী সাহিত্য প্রেমৰ সাহিত্য; নাৰী সৌন্দৰ্যই এনে প্রেমৰ ঘাই আধাৰ । চুফী সাহিত্যত সংসাৰখনক মদিৰালয় আরু মদিৰাক প্রেমৰ সৈতে তুলনা কৰা হৈছে । পাৰ্থিৱ প্রেমৰ মাজেদি অপাৰ্থিৱ প্রেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয় ।   

  ৮। অসমত কোনে ইছলাম ধর্ম প্রচাৰ কৰে?

  উত্তৰঃ আজানপীৰ চাহাবেই অসমত ইছলাম ধর্মৰ প্রথম প্রৱৰ্তক । অৱশ্যে তেওঁৰ ধর্মত কোৰান প্রভাৱতকৈ পুৰাণৰ প্রভাৱ অধিক । অসমৰ পৰম্পৰাগত লোকগীতৰ আধাৰতেই তেওঁৰ জিকিৰসমূহ ৰচনা কৰি উলিয়াইছে ।    

  ৯। জিকিৰবোৰ কি কি থলুৱা উপাদান নিহিত হৈ আছে ?

  উত্তৰঃ আজানপীৰে শংকৰদেৱৰ দ্বাৰা প্রচাৰিত নৱবৈষ্ণৱ ভক্তিধর্মৰ প্রভাৱৰ পৰা মুক্ত, থলুৱা লোকসকলক ইছলাম ধর্মত সামৰি ল’বৰ কাৰণে চেষ্টা কৰিছিল যদিও তেওঁ পাৰিপাৰ্শ্বিকতাৰ পৰা

সম্পূর্ণ মুক্ত হ’ব পৰা নাছিল । সেয়েহে, হিন্দু ধর্মৰ থলুৱা আচাৰ নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ আৰ্হিত ইছলাম ধর্মৰ কেতবোৰ নীতি-নিয়ম সন্নিবিষ্ট কৰি জিকিৰ নামৰ এক শ্রেণীৰ গীত ৰচনা কৰিছিল ।  

  ১০। অসমৰ সাংস্কৃতিক জীৱনত জিকিৰসমূহৰ গুরুত্ব কেনেধৰণৰ ?

  উত্তৰঃ অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আরু জাৰিসমূহৰ গুরুত্ব সর্বাধিক । হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায় ।     

  ১১। আজান পীৰৰ পৰিচয় দিয়া ।  উত্তৰঃ আজান পীৰৰ আচল নাম হ’ল শ্বাহ মিলন আরু তেওঁ সুদূৰ বাগদাদৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আরু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ সৰাগুৰি চাপৰিত আশ্রয় দিয়া হয় ।     

  ১২। জিকিৰসমূহত কি কি গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় ?

  উত্তৰঃ জিকিৰসমূহৰ সৈতে বৈষ্ণৱ ধর্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায় । দুই এটি গীতত দেহ বিচাৰৰ গীত আরু টোকাৰী গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় । উদাহৰণস্বরূপে-  দুনিয়াই এদিনৰ দুনিয়াই দুদিনৰ   দুনিয়াই ফলনিবাৰী  কত যে চলে বলে কৰ তই দুনিয়াই    ধৰিবি খেৱালী সাৰি ।  

  ৩। জিকিৰৰ ৰচনা আরু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায় ?

 ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?

  উত্তৰঃ জিকিৰসমূহ ৰচনা আরু তাৰ গায়ন পদ্ধতিৰ সৈতে নাম কীৰ্তন পৰিৱেশৰ সাদৃশ্য দেখা যায় । জিকিৰবোৰ যেনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নাম কীৰ্তনৰ প্রভাৱত পৰা গ্রহণ কৰা যেন অনুমান হয় । জিকিৰতো ঠায়ে ঠায়ে কালিমা আরু নামৰ মহিমা ঘোষিত হৈছে ।    

  ১৪। জিকিৰত নামৰ গুরুত্ব কেনেধৰণৰ ?

  উত্তৰঃ মহাপুরুষীয়া ধর্মত নামৰ ওপৰত অধিক গুরুত্ব দিয়া হৈছে । জিকিৰতো নামৰ গুরুত্ব মন কৰিবলগীয়া ।   জীৱৰ সাৰথি নাম ঐ আল্লা    জীৱৰ সাৰথি নাম   সদগুরুক ভেটিবা আল্লাক চিনিবা    তেহে পাবা ভকতিত মান । 

Exit mobile version