Site icon crypticknwoledge.com

বিষাদ যোগ

(ক) মহাৰথী কাক বােলে?
উঃ যিয়ে দহ হেজাৰ ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বােলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে— গুৰু দ্রোণাচাৰ্য, ভীষ্ম, কর্ণ, কৃপ অগ্রগণী,অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ,ভেৰী,

আনক, গােমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বােলে?
উঃ যিয়ে বিষ দি,গৃহত অগ্নি সংযােগ কৰি, ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি, ভার্যাক অপকাৰ কৰি, অস্ত্র ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বােলে।

(ঙ) কুলক্ষয় দোষ কি?
উঃ কুলক্ষয় দোষ মানে হল —কুলক্ষয় হলে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে বাকী থকা কুলকো অধর্মই চানি ধৰিব। অধর্মই চানি ধৰিলে কুলস্ত্ৰীসকল বিপথে যাব। স্ত্রীসকল বিপথে গলে বর্ণসঙ্কৰ হ’ব। কুল নৰকত যাব। তেতিয়া পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দোষত সকলাে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব।

(ক) ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্র যুদ্ধৰ বিৰণ শুনিছিল?
উঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

(খ) ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল?
উঃ ধৃষ্টদ্যুম্ন দ্রুপদৰ পুত্ৰ আছিল।

(গ) সূভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
উঃ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।

(ঘ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উঃ ভট্টদেৱৰ সম্পূর্ণ নাম হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচার্য্য।

(ঙ) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উঃ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ’ল ভট্টদেৱ বা বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য।

(চ) “বিষাদ যােগ” পাঠটো কৰ পৰা লোৱা হৈছে?
উঃ “বিষাদ মােগ” পাঠটো ভট্টদেৱৰ “কথা গীতা” পুথিখনৰ পৰা লােৱা হৈছে।

(ছ) পাণ্ডৱসকলৰ পিতৃ কোন আছিল?
উঃপাগুৱসকলৰ পিতৃ আছিল পাণ্ডু।

(জ) কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম কি আছিল ?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম আছিল পাঞ্চজন্য।

(ঝ) ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম হ’ল -“কথা-গীতা” আৰু “কথা ভাগৱত”।

(ঞ) ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি লাভ কৰিছিল?
উঃ ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচার্য্য” উপাধি লাভ কৰিছিল।

Exit mobile version