Site icon crypticknwoledge.com

ভাৰতীয় সংস্কৃতি

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

২। ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?
উঃ ‘ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।

৩। সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?
উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমন’ক আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য বুলি আখ্যা দিছে।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উঃ প্রকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল।
উঃ প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰােৰে সাংস্কৃতিক সম্পদ।

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।

৭। অজন্তাৰ ছবিবোৰত প্রকাশ পােৱা ভাববস্তু দুটা কি কি?
উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
উঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে?
উঃ সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্রশিল্পক বেছি স্থায়ী বােলা হৈছে।

১। হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখা।
উঃ হেম বৰুৱাৰ এখন উল্লেখযোেগ্য গ্রন্থখন হ’ল ‘The Red River and the Blue Hill” |

২। আৰ্যসকলৰ আদিম বাসভূমি কত ?
উঃ আৰ্যসকলৰ আদিম বাসভূমি মধ্য এছিয়াত।

৩। ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ কি?
উঃ ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ সমন্বয়ৰ সংস্কৃতি।

৪। মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ কি?
মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।

৫। সংস্কৃতিৰ অর্থ কি?
সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।

৬। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উঃ ভাৰতীয় জীৱনৰ মূল সম্পদ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা।

৭।কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল?
উঃ গ্রীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।

৮। সংস্কৃতিৰ মাপকাঠী কি?
উঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্রকাশিত প্রতিভাই সংস্কৃতিৰ মাপকাঠী।
৯। হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
উঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনার্য যুগৰ অৱদান।

১০। চুফীবাদৰ মূল আধাৰ কি?
উঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।

১১। লিংগ পূজা কোন যুগৰ নিদর্শন?
লিংগ পূজা অনার্য যুগৰ নিদর্শন।

১২। কামাখ্যাত আগেয়ে কোন সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল?
উঃ কামাখ্যাত আগেয়ে গাৰাে সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।

১৩। ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য কি?
উঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য।

১৪। কাৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল?
উঃ বৃটিছৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল।

১৫। কাঞ্জিভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে?
উঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে।

১৬। ভাৰতীয় ভৌগােলিক জীবন কেনেকুৱা ?
উঃ ভাৰতীয় ভৌগােলিক জীৱন বৈচিত্র্যময়।

১৭। কোন যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল?
উঃ মৌর্য যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল।

১৮। মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ কি?
উঃ মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ অনুভূতিৰ প্ৰসাৰতা।

১৯। মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে কিহৰ সৃষ্টি কৰিছিল?
উঃ মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে বিপ্লৱৰ সৃষ্টি কৰিছিল।

২০। গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম কি?
উঃ গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম মাইকেনিয়ান।

২১। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল?
উঃ মধ্য এছিয়া আৰ্যসকলৰ আদিম বাসভূমি আছিল। ২২। ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখক কোন?

২৩। উত্তৰ ভাৰতীয় ভাস্কর্যত কিহৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায় ?
উঃ উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায়।

২৪। কামাখ্যা আদিতে কোনটো জনগােষ্ঠীৰ দেৱী আছিল?
উঃ অনার্য জনগােষ্ঠীৰ দেৱী আছিল কামখ্যা।

২৫। ব্যক্তিবাদী চিত্রকলাৰ কাৰ দৰবাৰত জন্ম হৈছিল ?
উঃ টাইমূৰ আৰু চেংগীজ খাঁৰ দৰবাৰত ব্যক্তিবাদী চিত্রকলাৰ জন্ম হৈছিল।

২৬। হেম বৰুৱা অসম সাহিত্যসভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
উঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হােৱা অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱা।

২৭। ইংৰাজ ৰােমান্টিক কবি কীটছৰ সম্পূর্ণ নাম কি?
উঃ ইংৰাজ ৰােমাণ্টিক কবি কীটছৰ সম্পূর্ণ নাম জন কীচ্ছ।

২৮। কীটছৰ কোনটো কবিতাৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল?
উঃ কীটছৰ ‘এণ্ডিমিয়ন’ কবিতাটোৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল।

১। হেম বরুৱাৰ এখন উল্লেখযোগ্য গ্রন্থৰ নাম লিখা ।

উত্তৰঃ হেম বরুৱাৰ এখন উল্লেখযোগ্য গ্রন্থ হ’ল- ‘The Red River and the Blue Hill’

২। ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থখনৰ লেখক কোন?

উত্তৰঃ ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থখনৰ লেখক পণ্ডিত ৰাহুল সংস্কৃতায়ন ।

 ৩। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়া দমন’ৰ কি ব্যাখ্যা আগবঢ়াইছে ?

উত্তৰঃ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়া দমন’ আৰ্য্যই অনাৰ্য্যক সংস্কৃত কৰা প্রতীক ধর্মী নৃত্য বুলি ব্যাখ্যা আগবঢ়াইছে ।

 ৪। আৰ্য্যসকলৰ আদিম বাসভূমি ক’ত ?

উত্তৰঃ আৰ্য্যসকলৰ আদিম বাসভূমি হ’ল মধ্য এচিয়া ।

৫। মহেঞ্জোদাৰোৰ সংস্কৃতিৰ সম্পদ কি?

উত্তৰঃ মহেঞ্জোদাৰোৰ সংস্কৃতিৰ সম্পদ হ’ল- ধ্যানস্থ শিৱৰ কল্পনা ।

৬। সংস্কৃতিৰ অর্থ কি?

উত্তৰঃ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা ।

৭। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?

উত্তৰঃ ভাৰতীয় জীৱনৰ মূল সম্পদ হ’ল- সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা ।

৮। কোনে পঞ্জাৱ আরু আফগান্সতানক এক কৰি থ’ব বিচাৰিছিল ?

উত্তৰঃ গ্রীকসকলে পঞ্জাৱ আরু আফগান্সতানক এক কৰি থ’ব বিচাৰিছিল ।

৯। সংস্কৃতিৰ মাপ-কাঠি কি?

উত্তৰঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্রত প্রকাশিত প্রতিভাই হৈছে সংস্কৃতিৰ মাপ কাঠি ।

 ১০। চুফীবাদৰ মূল আধাৰ কি?

উত্তৰঃ চুফীবাদৰ মূল আধাৰ হ’ল কোৰাণ ।

১১। ব্যক্তিবাদী আৰ্টৰ লক্ষ্য কি?

উত্তৰঃ ব্যক্তিৰ জীৱন প্রকাশ কৰা ব্যক্তিবাদী আৰ্টৰ লক্ষ্য । ১২। কাৰ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্র বাঢ়িছিল ?

উত্তৰঃ ব্রিটিছৰ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্র বাঢ়িছিল ।

১৩। বিপ্লৱৰ পতনে হিন্দুৰ মনত কি ভাবৰ জন্ম দিছিল ?

উত্তৰঃ বিপ্লৱৰ পতনে হিন্দুৰ মনত নৈৰাশ্যৰ ভাবৰ জন্ম দিছিল ।

১৪।কাঞ্জিভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে ?

 উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে ।

১৫। ভাৰতীয় ভৌগোলিক জীৱন কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্রময় ।

১৬। মোগল আরু ৰাজপুট আৰ্টৰ প্রধান লক্ষ্য কি?

উত্তৰঃ মোগল আরু ৰাজপুট আৰ্টৰ প্রধান লক্ষ্য হ’ল- অনুভূতিৰ প্রসাৰতা ।

১৭। ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে?

 উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ সাগৰ আৰ্য, অনাৰ্য, মঙ্গোলীয়, দ্রাবিড়ী প্রভূতি বিভিন্ন তৰহৰ সোঁত উপসোঁত লগ লাগি ৰচিত হৈছে ।

 ১৮। ভাৰতীয় সংস্কৃতিৰ স্বরূপ কেনেদৰে প্রকাশ পাইছে?

উত্তৰঃ পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ো বুৰঞ্জী । এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বরূপ প্রকাশ কৰে ।

১৯। বাহিৰৰ অভিযানসমূহৰ ব্যর্থতাৰ কাৰণ কি আছিল?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সুসংগঠিত আরু টনকিয়াল বিধৰ আছিল । বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্রায়েই ব্যর্থ হৈছিল ।

 ২০। চুফিবাদৰ সৈতে উপনিষদীয় দর্শনৰ মিল আছেনে?

 উত্তৰঃ চুফিবাদৰ মূল কোৰাণশাস্ত্র বুলি কোৱা হয় যদিও চুফিবাদ আরু উপনিষদীয় দর্শনৰ মাজত যথেষ্ট মিল পৰিলক্ষিত হয় ।

২১। সুকুমাৰ কলাৰ নতুন নিদর্শনৰ জন্ম কেনেদৰে হৈছিল ?

উত্তৰঃ সাংস্কৃতিক ক্ষেত্রত হিন্দু আরু মুছলমান উভয় সম্প্রদায়ৰ মন উদাৰ আছিল আরু এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্রত নতুন নিদর্শনৰ জন্ম দিছিল ।

২২। এটা জাতি কিহৰ ভিত্তিৰ জীয়াই থাকে?

উত্তৰঃ একোটা জাতি বিশেষ সুকুমাৰ কলা সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে ।

২৩। সুকুমাৰ কলাৰ ভিতৰত স্থায়ী বস্তু কি?

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত সম্ভৱতঃ চিত্র শিল্পই অধিক স্থায়ী ।

২৪। ভাষাৰ গতিবিধি কিহৰ সৈতে জড়িত ?

উত্তৰঃ ভাষা মানুহৰ সামাজিক আদান-প্রদানৰ বাহক আরু সমাজ পৰিবর্তনৰ লগত ইয়াৰ গতি বিধি জড়িত ।

২৫। বাবৰৰ আমোলত কোনবিধ চিত্রশিল্পই বিকাশ লাভ কৰিছিল? উত্তৰঃ মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পই নতুন ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে । এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ ।

Exit mobile version