Site icon crypticknwoledge.com

PYQ Assamese Grammar

তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা:
1.H.S.L.C.-2011     ভৈলা : হ’লা      চড়িয়া : উঠি  
2.H.S.L.C.-2012        তাসম্বাক : তেওঁলোকক  
3.H.S.L.C.-2013    মাধৈ :    পুহাইল : পুৱাল  
4.H.S.L.C.-2014        খেড়ি : খেলা    সুমৰন্তে : সুঁৱৰি    বিগুটিয়া : ঠাট্টা কৰা  
5.H.S.L.C.-2015        শুতিয়া : শুই    পাশ :কাষ    হন্তে : পৰা  
6.H.S.L.C.-2016        পাতক : পাপ    যাকেৰি :সাৰ    বিগুটিয়া : ঠাট্টা কৰা  
7.H.S.L.C.-2017        যাকেৰি : সাৰ    উতপাড়ে : উঘালে    মোড়ল : মোহাৰিলে  
8.H.S.L.C.-2018        তৰণে : পাৰ হ’বলৈ    উতপাটক : নিৰ্মূলকাৰী    বিগুটিয়া : ঠাট্টা কৰা
9.H.S.L.C.-2019        সুজানে : তীক্ষ্ন    তাসম্বাক : তেওঁলোক    হাৰলি : খৰিৰ দ’  
10.H.S.L.C.-2020        উতাৰলে :    তাসম্বাক : তেওঁলোক  

পসৰ্গ আৰু অনুসৰ্গ:
1.H.S.L.C.2008        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :          প্ৰ : প্ৰখ্যাত, প্ৰখৰ            পৰা : পৰাগ, পৰাস্ত       নি : নিকট, নিগম      
অনুসৰ্গৰ তিনিটা উদাহৰণ :          তো : আপুনিতো         ও : থাকিলেও         যে : ৰ ‘লাযে

2.H.S.L.C.2009
     ক) উপসৰ্গ কাক বোলে?উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ   দেখুওৱা।
উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।
     উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।
                       পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।
 
       খ) অনুসৰ্গ কাক বোলে?অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ   দেখুওৱা।
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।
     উদাহৰণ :  তো : আপুনিতো জানেই, তেওঁ কোন।
        যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।   
      
3.H.S.L.C.2010
        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ   দেখুওৱা।
উত্তৰ-
   উপসৰ্গৰ উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।
                       পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।
      অনুসৰ্গৰ উদাহৰণ :  তো : আপুনিতো জানেই, তেওঁ কোন।
        যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।  
 
4.H.S.L.C.2011
   ক)শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে ?
উত্তৰ- শব্দৰ আগত উপসৰ্গ বহে।
 
5.H.S.L.C.2012
   ক) ‘প্ৰ ’ নাইবা ‘পৰি ’উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা।
উত্তৰ- প্ৰ : প্ৰখ্যাত, প্ৰখৰ
     পৰি : পৰিচয়, পৰিধি
 
   খ) অনুসৰ্গ কাক বোলে?
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।

6.H.S.L.C.2013
     ক) উপসৰ্গ কাক বোলে?
উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।
 
   খ)  অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখা।
উত্তৰ-   তো : আপুনিতো
     ও : থাকিলেও
 
7.H.S.L.C.2014
       ক) ‘অপ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা।
উত্তৰ-   ‘অপ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ-
          অপকাৰ, অপচয়
 
      খ)  ’চোন ’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ-   তেখেত নাহিল চোন
 
8.H.S.L.C.2015
      ক) ‘সম্ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা।
উত্তৰ-   ‘সম্ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ-
          সমতা, সমদল
 
     খ)  ’দেই ’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ-   তুমি আজি আহিবাদেই
 
9.H.S.L.C.2016
       ক) উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া।
উত্তৰ- উপসৰ্গৰ উদাহৰণ :
         প্ৰ : প্ৰখ্যাত, প্ৰখৰ
        অনুসৰ্গৰ উদাহৰণ :
         তো : আপুনিতো
       
10.H.S.L.C.2017
      ক)  ’চোন ’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ-   তেখেত নাহিল চোন
 
11.H.S.L.C.2018
        ক) ‘হ ‘বলা ’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা।
উত্তৰ-   তেখেত নাহিল হ ‘বলা

12.H.S.L.C.2019
      ক)  ’হঁক’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ-   আজিলৈ যাওঁ হঁক ।
 
13.H.S.L.C.2020
        ক)  অনুসৰ্গ কাক বোলে?উদাহৰণ দি  বাক্যত প্ৰয়োগ কৰি দেখুওৱা।
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।
     উদাহৰণ :  তো : আপুনিতো জানেই, তেওঁ কোন।
        যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।   
 
তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা:
 
আসী : আহি , ৰজনী : ৰাতি , দুতী : দ্বিতীয়
হামু : মই , গাৰি : গাহৰি , তেজহ  : ত্যাগ কৰা
ৰচুল : দেৱদূত
 
সমাৰ্থক শব্দ লিখা:
1.H.S.L.C.-2011
     বৃক্ষ-বিটপী
       আদিত্য-ভাস্কৰ
   
2.H.S.L.C.-2012
          সূৰ্য-আদিত্য
 
3.H.S.L.C.-2013
     নিশা-ৰজনী
 
4.H.S.L.C.-2014
      পীড়া-ৰোগ
    পক্ষী-চৰাই
 
5.H.S.L.C.-2015
      পদুম-কমল
    জুই-অগ্নি
 
6.H.S.L.C.-2016
    জুই-অগ্নি
    নিপুণ-পাৰ্গত
 
7.H.S.L.C.-2017
     কামিনী-নাৰী
    পক্ষী-চৰাই
 
8.H.S.L.C.-2018
          পদুম-কমল
          ঘাঁহ-তৃণ

9.H.S.L.C.-2019
          তৰঙ্গ-ঢৌ 
          কুসুম-পুষ্প

10.H.S.L.C.-2020
          উতাৰল-
          তাসম্বাক-তেওঁলোকক

ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা:
1. H.S.L.C.-2007,09,12
          সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা?
    উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা  পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।
    উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী সমাস)
             নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)
 
2. H.S.L.C.-2010
    দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
    চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ। (তৎপুৰুষ বহুব্ৰীহি সমাস)
 
3. H.S.L.C.-2011
     দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
    পীতাম্বৰ – পীত অম্বৰ পিন্ধে যি।  (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    মাতৃভক্তি – মাতৃক ভক্তি। (তৎপুৰুষ সমাস)
    আমৰণ – মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)
                  
4. H.S.L.C.-2013
     ৰামৰাৱণ – ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
    পীতাম্বৰ – পীৰৰ অম্বৰ পিন্ধে যি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    হাতদীঘল – দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    জলচৰ – জলত চৰে যি।(বহুব্ৰীহি সমাস)
 
5. H.S.L.C.-2014
     নৱৰত্ন – ন ৰত্নৰ সমাহাৰ। (দ্বিগু সমাস)
    শূৰ্পণখা – শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    চন্দ্ৰমুখ – চন্দ্ৰৰ তুল্য মুখ। (কৰ্মধাৰয় সমাস)
    গৃহস্থ – গৃহত থাকে যি (তৎপুৰুষ সমাস)
 
6. H.S.L.C.-2015
    ৰাধাকৃষ্ণ – ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
    দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
    চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ।(তৎপুৰুষ বহুব্ৰীহি সমাস)
    শুক্লপক্ষ – শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)
7. H.S.L.C.-2016
    ত্ৰিফলা – ত্ৰি বা তিনি ফলৰসমাহাৰ। (দ্বিগু সমাস)  শূলপাণি – শূল আছে পাণিত যাৰ। (তৎপুৰুষ বহুব্ৰীহি সমাস)
    মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)
    সত্যাগ্ৰহ – সত্যত আগ্ৰহ। (তৎপুৰুষ সমাস)
 
8. H.S.L.C.-2017
    দোমাহী – দুই মাহৰ মাজৰ দিন।  (দ্বিগু সমাস)
    দেশান্তৰ – অন্য দেশ। (নিত্য সমাস)                  
    মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি। (ব্যতিহাৰ বহুব্ৰীহি সমাস)
    উপবন – বনৰ সমীপ (অব্যয়ীভাৱ সমাস)
 
9. H.S.L.C.-2018
     ত্ৰিফলা – তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
    উৰাজাহাজ – উৰা যি জাহাজ সি।  (কৰ্মধাৰয় সমাস)
    মাটীকঁঠাল – মাটিত হোৱা কঁঠাল যি সিয়ে। (তৎপুৰুষ বহুব্ৰীহি সমাস)
    মৌচাক – মৌৰ চাক।(তৎপুৰুষ সমাস)
 
10. H.S.L.C.-2019
     পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
      যোগভ্ৰষ্ট- যোগৰ পৰা ভ্ৰষ্ট।(তৎপুৰুষ সমাস)
      শতাব্দী- শত অব্দৰ সমাহাৰ।(দ্বিগু সমাস)
 
11. H.S.L.C.-2020
     পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
     স্বায়ত্বশাষণ- স্বায়ত্ব যি শাষণ।(কৰ্মধাৰয় সমাস)
 
সন্ধি ভাঙা:
1. H.S.L.C-2008
      হিতাহিত: হিত+অহিত
       অতীন্দ্ৰিয়: অতি+ইন্দ্ৰিয়
 
 2. H.S.L.C-2009
    সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা?
      উত্তৰ:- দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি ।
   উদাহৰণ- নমস্কাৰ :নমঃ+কাৰ
          হিমালয় :হিম+আলয়
 
3. H.S.L.C-2010
      সংস্কৃত :সম্+কৃত
     অতীন্দ্ৰিয় :অতি+ইন্দ্ৰিয়
 
4. H.S.L.C-2011
      যথাৰ্থ :যথা+অৰ্থ
ইত্যাদি :ইতি+আদি
      নীৰৱ :নিঃ+ৰৱ
      দেৱৰ্ষি :দেৱ+ঋষি
5. H.S.L.C-2012
     পৰীক্ষা :পৰি+ঈক্ষা
      হিতাহিত :হিত+অহিত
      নাৱিক:নৌ+ইক
      হিমালয় :হিম+আলয়
 
6. H.S.L.C-2013
        হিমাচল :হিম+আচল
       গিৰীন্দ্ৰ :গিৰি+ইন্দ্ৰ
       যথেষ্ট :যথা+ইষ্ট
       উচ্ছেদ :উৎ+ছেদ
 
7. H.S.L.C-2014
      যথাৰ্থ :যথা+অৰ্থ
      নমস্কাৰ :নমঃ+কাৰ
      ৰাজৰ্ষি :ৰাজ+ঋষি
      বিদ্যালয় :বিদ্যা+আলয়
8. H.S.L.C-2015
       উচ্ছল :উৎ+ছল
      কটুক্তি :কটু+উক্তি
     ইত্যাদি :ইতি+আদি
      নিশ্চয় :নিঃ+চয়
 
9. H.S.L.C-2016
      বিদ্যালয় :বিদ্যা+আলয়
      চন্দ্ৰোদয় :চন্দ্ৰ+উদয়
       যদ্যাপি :যদি+অপি
       নমস্কাৰ :নমঃ+কাৰ
 
10. H.S.L.C-2017
      ইত্যাদি :ইতি+আদি
      হোমাগ্নি :হোম+অগ্নি
       সংস্কৃত :সম্+কৃত
       যদ্যপি :যদি+অপি
 
11. H.S.L.C-2018
       সূৰ্যোদয় :সূৰ্য+উদয়
       যথেষ্ট :যথা+ইষ্ট
       অন্বেষণ :অনু+এষণ
      ভাবুক :ভৌ+উক

12. H.S.L.C-2019
       হিমালয় :হিম+আলয়
       ষড়ানন :ষট্+আনন
       সঞ্চয় :সম্+চয়

13. H.S.L.C-2020
       হিতৈষী :হিত+এষী
       শীতাৰ্ত :শীত+ঋত

বিপৰীতাৰ্থক শব্দ লিখা:
1. H.S.L.C. 1999
     হৰ্ষ-দুখ, বেদনা
     উপকাৰ-অপকাৰ,
     স্থাৱৰ-অস্থাৱৰ,
      সম্পদ-অসম্পদ,
 
2. H.S.L.C. 2000
     আৱাহন-বিসৰ্জন
     উজনি-নামনি
     স্বাধীন-পৰাধীন
     দুৰ্বল-সবল
 
3. H.S.L.C. 2001
      জন্ম-মৃত্যু
      উদয়-অস্ত
 
4. H.S.L.C. 2002
      অনুকূল-প্ৰতিকূল
      জ্ঞানী-অজ্ঞানী
      আনন্দ-বিষাদ
     আকৰ্ষণ-বিকৰ্ষণ
 
5. H.S.L.C. 2003
     গ্ৰহণ-বৰ্জন
     অৱিৰ্ভাৱ-তিৰোভাৱ
     প্ৰাচীন-নবীন
     উচ্চ-নিম্ন
 
6. H.S.L.C. 2006
     প্ৰশংসা-নিন্দা
    উন্নতি-অৱনতি
    সুখী-দুখী
    মৃত-জীৱিত
 
7. H.S.L.C. 2007
    নিৰ্ভুল-ভুল
    জ্যেষ্ঠ- কনিষ্ঠ
 
8. H.S.L.C. 2008
       কনিষ্ঠ- জ্যেষ্ঠ
     পৰোক্ষ-প্ৰতক্ষ
 
9. H.S.L.C. 2009
     আশীৰ্বাদ-অভিশাপ
     ইহলোক-পৰলোক
     অমৃত-বিহ
     দোষ-গুণ
 
10. H.S.L.C. 2010
    মৃত-জীৱিত
    পৰোক্ষ-প্ৰতক্ষ
 
11. H.S.L.C. 2011
    অকৃতজ্ঞ-কৃতজ্ঞ
   
12. H.S.L.C. 2012
      আনন্দ-বিষাদ
দেশদ্ৰোহী-দেশহিতৈষী
    দোষ-গুণ
    বিশ্বাস-অবিশ্বাস
 
13. H.S.L.C. 2013     
    আশা-নিৰাশা
    উত্তম-অধম
    কৃতজ্ঞ-অকৃতজ্ঞ
    উন্নতি-অৱনতি
 
14. H.S.L.C. 2014   
    আৱাহন-বিসৰ্জন
    আকাশ-পাতাল
    ইহকাল-পৰকাল
    টান-কোমল
 
15. H.S.L.C. 2015   
    গহীন-চঞ্চল
    কৃশ-স্থূল
    সন্মান-অসন্মান
    ক্ষয়-অক্ষয়

16. H.S.L.C. 2018
     পাৰ্থক্য-সাদৃশ্য
      দ্ৰুত-ধীৰ
     উচ্ছৃঙ্খল-সুচ্ছৃঙ্খল
     স্থাৱৰ-অস্থাৱৰ,
 
17. H.S.L.C. 2019
      বিস্তৃত-সংক্ষিপ্ত
      প্ৰাচ্য-পাশ্চাত্য
      আবিৰ্ভাৱ-তিৰোভাৱ
 
18. H.S.L.C. 2020
      স্তুতি-নিন্দা
      সুষুপ্তি-গভীৰ নিদ্রা
 
সমাৰ্থক শব্দ লিখা:
1. H.S.L.C.-2004
    পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
     মেঘ-ডাৱৰ, জলধৰ
     ৰাতি-নিশা, ৰজনী
     নদী-প্ৰবাহিনী, নৈ
 
2. H.S.L.C.-2005
           কপাল-অদৃষ্ট, ললাট
    চকু-নেত্ৰ, নয়ন
    হাতী-হস্তী, গজ
    আকাশ-গগণ, নভ
 
3. H.S.L.C.-2007
        পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
        আকাশ-গগণ, নভ
    4. H.S.L.C.-2008  
  ৰাতি-নিশা, ৰজনী
     ৰজা-নৰেশ্বৰ, নৃপতি
 
5. H.S.L.C.-2009
    পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
    নদী-প্ৰবাহিনী, নৈ
    চকু-নেত্ৰ, নয়ন
    নিশা-ৰাতি, ৰজনী
 
6.H.S.L.C.-2010
   আকাশ-গগণ, নভ
   ৰজা-নৰেশ্বৰ, নৃপতি
 
7.H.S.L.C.-2013
       ব্যথা-দুখ, বেদনা
   কৰুণ- ব্যাকুল, কাতৰ  
   হৃদয়- অন্তৰ, মন
 
8.H.S.L.C.-2014
   আকাশ-গগণ, নভ
   গছ-তৰু, দ্ৰুম
   ধৰা-পৃথিৱী, ধৰিত্ৰী
  অগ্নি-অনল, বহ্নি
 
9.H.S.L.C.-2015
  নদী-প্ৰবাহিনী, নৈ
   চকু-নেত্ৰ, নয়ন
   আকাশ-গগণ, নভ
   ঘৰ-গৃহ, ভৱন
 
10.H.S.L.C.-2016
      আচমান-আকাশ, নীলিমা
   বিটপী-গছ, তৰু
   হাত-কৰ, ভুজ
  বতাহ-পৱন, অনিল
 
11.H.S.L.C.-2017
   আকাশ-গগণ, নভ
   ধৱল-বগা, শ্বেত
   বাৰিধি-সমুদ্ৰ, জলধি
   সমীৰ-পৱন, বতাহ
 
এটা শব্দত প্ৰকাশ কৰা:
1. H.S.L.C.-2011
  (ক) কাঁহৰ বাচন গঢ়োঁতা।
           উত্তৰ:- কঁহাৰ
 
2. H.S.L.C.-2012
 (ক) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।
         উত্তৰ:-কৃতজ্ঞ
  (খ) মাটিৰ বাচন সাজোঁতা।
   উত্তৰ:- কুমাৰ
 (গ) যাক সহজে লংঘন কৰিব নোৱাৰি।
   উত্তৰ:- অলংঘ্য
  (ঘ) বাটেদি যোৱা
   উত্তৰ:- বাটৰুৱা
    3. H.S.L.C.-2013
  (ক) ঘৰতে থাকি কৰিব পৰা উদ্যোগ।
    উত্তৰ:- কুটীৰ শিল্প
  (খ) যাৰ মৰণ নাই।                         
    উত্তৰ:- আমৰণ
   (গ) কাঁহৰ বাচন গঢ়োঁতা।    
    উত্তৰ:- কঁহাৰ
 
4. H.S.L.C.-2014
  (ক)   যাক পৰিহাৰ কৰিব নোৱাৰি।      
       উত্তৰ:- অপৰিহাৰ্য
 (খ)  যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে ।  
      উত্তৰ:- জিতেন্দ্ৰয়
 (গ)  যাৰ কোনো শত্ৰু জন্মা নাই।   
  উত্তৰ:- অজাতশত্ৰু
 (ঘ)  কঁঠালৰ সৰু কলি।               
  উত্তৰ:- মুচি
 
5. H.S.L.C.-2015
(ক) পনীয়া গাখীৰ দিয়া গাইগৰু।
    উত্তৰ:- জলাহী
(খ)  যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।
   উত্তৰ:- নাস্তিক
(গ) যি কথাৰ অৰ্থ নাই।            
  উত্তৰ:- নিৰৰ্থক
  (ঘ)  এবাৰ গুটি লাগি মৰা গছ। 
  উত্তৰ:- ঔষধি
 
6.H.S.L.C.-2016
 (ক) যি কণীৰ পৰা জন্মে।          
   উত্তৰ:- অণ্ডজ
(খ)  যি আগেয়ে হোৱা নাই।          
    উত্তৰ:- অভূতপূৰ্ব
(গ) একে গুৰুৰ শিষ্য।                
    উত্তৰ:- সতীৰ্থ
  (ঘ)  যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।
    উত্তৰ:- অকৃতজ্ঞ
 
7. H.S.L.C.-2017
(ক) বিষ্ণুৰ ভকত যি তেওঁ।           
    উত্তৰ:- বৈষ্ণৱ
(খ)  ৰান্ধি খাব পৰা কলৰ পুলি।  
    উত্তৰ:- পচলা
(গ) একে মাতৃৰ গৰ্ভত জন্ম যাৰ।
    উত্তৰ:- সহোদৰ
 (ঘ)  একে ঠাইত স্থায়ীভাৱে   বসবাস নকৰা লোক।                      
         উত্তৰ:- অঘৰী
 
8. H.S.L.C.-2018
(ক)  যি একেলগে পঢ়ে।                
    উত্তৰ:- সহপাঠী
(খ)  যাক মূল্য দি কিনিব নোৱাৰি।
    উত্তৰ:- অমূল্য

9. H.S.L.C.-2019
(ক) ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি।
    উত্তৰ:- প্ৰত্যুৎপন্নমতি
(খ)  ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত।
   উত্তৰ:- প্ৰাতস্মৰণীয় 
(গ) নেজ নসৰা বেঙৰ পোৱালি।            
  উত্তৰ:- লালুকি
 10. H.S.L.C.-2020

(ক)  কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ।                
    উত্তৰ:- সঁজাতী 
(খ)  চুহি খাব লগা বস্তু।
    উত্তৰ:- চুষ্য 
Exit mobile version