হৃদয় এক বিজ্ঞাপন
বন্ধ লিফ্টৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ। আজিও হৈছে। সো-সোৱাই লিফ্টখন ওপৰলৈ উঠি গৈছে। তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ ৰঙা আখৰবোৰ জ্বলিছে, নুমাইছে তিনি, চাৰি, পাঁচ…. ছয় নম্বৰত লিফ্টখন সামান্য থমকি ৰ’ল। এজন হটঙা ছুট-টাই পৰিহিত পাঞ্জাৱী মানুহ উঠিল। নিশ্চয় এই বিল্ডিঙতেই কাম কৰে। আঠ নম্বৰত লিফ্টখন ৰ’লত তাই ওলাই আহিল। পিছে পিছে মানুহজনো। বিশাল কৰিড’ৰ। মাৰ্বল টাইলছৰ। কৰিড’ৰৰ দুয়ো কাষৰ ৰূমবোৰ বন্ধ। বন্ধ দুৱাৰত একোখনকৈ নেম-প্লেট। তাই ইফালে সিফালে বিমোৰ হৈ চালে। তাইৰ সৈতে লিফ্টত অহা মানুহজন সোঁফালৰ কৰিড’ৰেদি খৰ খোজেৰে গৈছে। তাই পিছফালৰ পৰা মাত লগালে, ‘এস্কিউজ মি’। সৰুকৈয়ে মাতিছিল, কিন্তু দেৱালবোৰত তাইৰ মাতটো এনেকৈ প্ৰতিধ্বনিত হ’ল যে, তায়ে অস্বস্তিত ইফালে-সিফালে চালে। মানুহজনে পিছলৈ চালে। তাই প্ৰায় দৌৰি যোৱাৰদিহে গৈ সুধিলে ‘এঙ্কন ক্রিয়েটিভ কোনফালে জানেনে?’ ‘এই আঠ নম্বৰ ফ্ল’ৰতে আছে’। – যথাসম্ভৱ সৰু মাতেৰে মানুহজনে তাইক বিপৰীত ফালৰ কৰিড’ৰটোৱেদি ঘূৰি শেষৰ দুৱাৰখনৰ ফালে যাবলৈ ক’লে। ধন্যবাদ দিয়েই তাই আকৌ দৌৰিবলৈ ধৰিলে। ঘড়ীটোলৈ চালে। বাৰটালৈ তিনি মিনিট বাকী। তাইক সময় দিয়া হৈছিল ‘এঘাৰটা পঞ্চলিছ’। প্ৰথমদিনাই তাই ‘টাইম ফেইল’ কৰিছে। নাকত-কপালত ভাস্বতীৰ বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। বন্ধ দুৱাৰবোৰ পঢ়ি গ’ল – জে. কে. ফিনান্স ক’ম্পেনি…. ড’ৰা ড’ৰা, গেঞ্জী-জাঙ্গিয়া টি-ভি-ত দিয়া এড্ডাৰটাইজটোলৈ তাইৰ মনত পৰিল। তিতাগড় টি ক’ম্পেনি…. এস্কন ক্রিয়েটিভ ক’লাৰ ওপৰত অল্ড ইংলিছ টাইপ আখৰৰ ‘লেমিনেট’ কৰা নেম-প্লেট। এটা অপৰাধবোধেৰে ছুইংড’ৰখন তাই ভিতৰলৈ ঠেলিলে। তাইক ইণ্টাৰভিউ দিবলৈ ঠিক মতা হোৱা নাই;
কিন্তু ইয়াত কাম কৰা বিষয়ত কথা পাতিবলৈ তাইক মতা হৈছে। ঘড়ীটোত পুৰা বাৰটা বাজিবলৈ আধা মিনিটমান বাকী।
এটা মজলীয়া আকাৰৰ কোঠা। দেৱালত বগা প্লাষ্টিক পেইণ্ট। সেউজ দূৱৰিৰ দৰে কাৰ্পেট। দুখন কোমল হালধীয়া ৰঙৰ প্ৰশস্ত ছোফা। পিতলৰ টেবুলত সতেজ গছ, দুখনমান পেইন্টিং, কোণৰ এখন ব’ৰ্ডত কিছুসংখ্যক বিজ্ঞাপনৰ ফটো। এখন টেবুল, ৰিভলভিং চেয়াৰ কিন্তু কোনো নাই। কোঠালিটোত জীৱৰ অস্তিত্ব লৈ তায়ে থিয় হৈ আছে। ভাস্বতীৰ এখন ‘ষ্টীল লাইফ’ পেইন্টিং চোৱাৰ দৰে লাগিছে কোঠালিটো। কি কৰিব? কাক মাতিব? কোঠালিটোত এখন বন্ধ দুৱাৰ দেখিছে তাই। কিন্তু সেইখন খুলি সোমাই যোৱাটো জানো ভদ্ৰোচিত কথা হ’ব! এনেতে ৰিচেপশ্যন টেবুলৰ ফোনটো বাজি উঠিল। ৰক্ষা তেঁও, ভাস্বতীয়ে ভাবিলে। বন্ধ দুৱাৰখন খুলি ভিতৰৰ পৰা নীলা স্কাৰ্ট আৰু বগা লেচৰ কাম কৰা ‘টপ’ পৰিহিতা এজনী ছটফটীয়া ছোৱালী ওলাই আহিল। ইতিমধ্যে ফোনৰ শব্দও নাই। ইণ্টাৰ-কানেকশ্যন, ভিতৰত কোনোবাই তুলিছে চাগৈ। ছোৱালীজনীয়ে তাইৰ ফালে চোৱাৰ লগে লগে ভাস্বতীয়ে ক’লে- ‘আই এম ভাস্বতী, ভাস্বতী চলিহা আই হেভ’আ….’ ছোৱালীজনীয়ে তাইৰ মুখৰ ওপৰতে ধৰি ক’লে। ‘ইয়েছ, ইয়েছ, মিঃ বাৰ্মা হেজ গান আউট ৰাইট নাও ছুন হি উইল বি বেক প্লিজ বেট ফৰ আ হোৱাইল’ তাই যি ভাবিছিল সেইটোকে হ’ল। তাই ছোফা এখনতে বহিল। ছোৱালীজনীয়ে তাইক বহুৱাই থৈ আকৌ ভিতৰলৈ সোমাই গ’ল। প্রয়াগে ঠিকেই কয়, ‘প্ৰাইভেট ক’ম্পেনিত কাম কৰিলে বুজি পাবা, আমি কিয় ঘড়ীৰ কাঁটা দেখুৱাই এক ছেকেণ্ড-দুই ছেকেণ্ডবোৰো গুৰুত্ব দিওঁ। আমাৰ মানুহে ইংৰাজৰ ‘খুন’ শব্দ শিকিলে এই সময়জ্ঞান আৰু পৰিশ্ৰমৰ বাহিৰে। অপেক্ষা কৰাৰ বাহিৰে এতিয়া আৰু ভাস্বতীৰ একো উপায় নাই।
কি অস্বস্তি, নিসাৰ কোঠালি এটাত বহি অপেক্ষা কৰিবলৈ। ভাস্বতীয়ে ‘এঙ্কন ক্রিয়েটিভ’-এ কৰা বিজ্ঞাপনৰ কামবোৰ চাবলৈ লাগিল কোণীয়াকৈ সজাই থোৱা ব’ৰ্ডখনত। হেয়াৰ ভিটালাইজাৰ, লিপষ্টিক, নেইল পলিছ – ব্ৰা-পেণ্টী পৰিহিতা ৰমণী আটাইকেইটা সৰ্বভাৰতীয় খ্যাতনামা কোম্পানিৰ বিজ্ঞাপন। তাইৰ এটা ঠাইত চকু ৰৈ গ’ল। ‘হোৱাইট হৰ্ছ’ ছাৰ্টৰ বিজ্ঞাপন। সমুদ্ৰৰ জলাশয়ত আধা ডুবি থকা এগৰাকী যুৱতী। তাই পিন্ধি থকা ‘হোৱাইট হৰ্ছ’ৰ ছাৰ্টটো তিতি শৰীৰত লিপি খাই আছে। সমুখৰ বুতাম এটাৰ বাদে আটাইকেইটাই খোলা। পানীৰ পৰা ওলাই থকা নগ্ন উৰুত এটা কেপচন ‘ফৰ এক্সিকিউটিভ মেন’। তাৰ তলত আৰু এশাৰী বাক্য ‘অলৱেজ হট এণ্ড ফ্ৰেছ’। পুৰুষৰ ছাৰ্টৰ বিজ্ঞাপন নগ্ন নাৰীৰ শৰীৰত! তাই চকু ঘুৰাই আনিলে। বেৰত থকা পেইন্টিং কেইখনৰ ওচৰলৈ উঠি গ’ল। যামিনী ৰায়, পিকাছো আৰু লিঅ’নাৰ্ডোৰ ‘মনালিছা’। আটাইকেইখন ফটো-প্ৰিন্ট। পিতলৰ টাবত থকা গছ কেইজোপা নকল; তাই এতিয়াহে ওচৰৰ পৰা ধৰিব পাৰিলে। সঁচা আৰু মিছাৰ দূৰত্বটো আজিকালি নোহোৱাই হৈছে। ছোৱালীজনী ভিতৰৰ পৰা আকৌ ওলাই আহিল। ‘চাহ খাব? মই দিবলৈ কৈছোঁ। মোৰ বাহিৰত কাম আছে, মই ওলাই যাম, আপুনি কাইলৈ দহ মিনিট অপেক্ষা কৰক’। কৈয়ে তাই বেগৰ পৰা সৰু ‘লুকিং মিৰৰ’ এখন উলিয়াই মুখখন পৰীক্ষা কৰিলে। ওঁঠ দুখন লিপষ্টিকৰ ওপৰতে জিভাৰে সামান্য তিয়াই তাইৰ ফালে হেলনীয়াকৈ চাই হাঁহি এটা মাৰি মিঠা বৰণীয়া মৰম লগা ছোৱালীজনী ওলাই গ’ল। এটা সুবাসে কোঠালিটোৰ বন্ধ দুৱাৰ-খিৰিকি খুন্দিয়াই ঘুৰি ফুৰিল। বোধহয় বিদেশী পাৰফিউম গোন্ধটো ভাস্বতীৰ চিনাকি। তাইৰ খুব ইচ্ছা গ’ল বন্ধ দুৱাৰখন খুলি ভিতৰত কিমান মানুহ আছে চাবলৈ। ইমান নিঃশব্দ! নৈঃশব্দ্যও কেতিয়াবা ইমান বিৰক্তিকৰ হয়!
ভাস্বতীৰ আগতে কোনো ‘এড্ভাৰটাইজিং এজেন্সি’ত কাম কৰাৰ অভিজ্ঞতা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘এন্থ্ৰ’পলজিত এম-এ কৰিছিল। তাৰ পাছত এখন মণ্টেছৰি স্কুলত তিনিশ টকা দৰমহাত আঠ মাহ কাম কৰিছিল। চাকৰি তাই পোৱা নাছিল। কেতিয়াবা উপযুক্ত চাকৰিত তাই উপযুক্ত বুলি বিবেচিত নহৈছিল, কেতিয়াবা তাইৰ উপযুক্ততাৰে চাকৰিটো উপযুক্ত নহয় বুলি তাইক বিবেচিত কৰা হৈছিল। তাৰ পাছতে প্রয়াগৰ সৈতে তাইৰ বিয়া। প্রয়াগ এটা মাল্টিনেচনেল কোম্পানিৰ ‘পাৰ্চনেল অফিচাৰ’। ছয় মাহ অসমত থাকি দিল্লীলৈ তাই আহিল প্রয়াগৰ সৈতে। দিল্লীত মাচ কমিউনিকেশ্যন পঢ়িলে। কবিতা লিখাৰ অভ্যাস আছিল আগৰপৰা। তেতিয়াই অ’ত-ত’ত প্ৰকাশিত কবিতাবোৰৰ এটা সংকলন তাই উলিয়ালে। তাইৰ বান্ধৱী সীমা নায়ৰে দুটামান কবিতা হিন্দীত অনুবাদ কৰি এখন হিন্দী দৈনিকত প্ৰকাশ কৰিছিল। ‘এচিভমেন্ট’ বুলিবলৈ তাইৰ ইমানেই। কাম নকৰিলে সংসাৰ নচলে; এনেকুৱা তাগিদা তাইৰ নাই যদিও তাই সদায় কাম কৰিবলৈ উৎসুক। তাইৰ জ্ঞানসমৃদ্ধ মনে কেৱল উল গাঁথা আৰু পোলাও-বিৰিয়ানী ৰন্ধাৰ কামত আত্ম-নিয়োগ কৰিবলৈ নকয়। বিভিন্ন কাম, বিভিন্ন মানুহ, বিভিন্ন জীৱনৰ অভিজ্ঞতাৰ বাবে বাহিৰৰ পৃথিৱীয়ে বাৰে বাৰে দিয়া আহ্বান তাইৰ উপেক্ষা কৰিবলৈ বৰ কষ্ট হয়। প্রয়াগেও এই ক্ষেত্ৰত সদায় উৎসাহ দেখুৱায়। সদায় কয় ‘কাম কৰা, যিকোনো কৰি ভালপোৱা কাম। যিকোনো কামেই অভিজ্ঞতা কঢ়িয়াই আনে জীৱনলৈ’। প্রয়াগহঁতৰ অফিচৰ এটা ফেমিলি পাৰ্টিত মিঃ সুভাষ বাৰ্মাৰ সৈতে সাক্ষাৎ ভাস্বতীৰ। প্ৰথম কথাষাৰেই সুধিছিল তাইক- ‘কেবল এক্সিকিউটিভ ৰাইফ নে আৰু কিবা?’ প্রয়াগেই কৈ দিছিল তাইৰ কি কি বিষয়ত দক্ষতা আছে। ‘মনোমত কাম এটা বিচাৰিছোঁ। পিছে ইয়াত মোক কোনে কাম থৈছে? দিল্লীতো নাপালোঁ’- ভাস্বতীয়ে কৈছিল। ‘কলকাতালৈ অহাৰ কিমান দিন হ’ল?’ বার্মাই সুধিছিল। ‘তিনিমাহ হৈ গৈছে’। ‘আগতে এড্ এজেন্সিত কাম কৰাৰ অভিজ্ঞতা আছে নেকি?’ তাই মূৰ জোকাৰিছিল সোঁৱে-বাঁৱে। ‘মোৰ ওচৰলৈ আহিবচোন। আমাৰ এড্ এজেন্সিৰ নাম শুনিছে চাগৈ – এঙ্কন ক্রিয়েটিভ। আমাক এগৰাকী ‘পাব্লিক ৰিলেশ্যন অফিচাৰ’ৰ প্ৰয়োজন। আপোনাৰ শিক্ষাগত অৰ্হতাও আছে। তদুপৰি কবিতা-তবিতা লিখা মানুহ যেতিয়া কপি-ৰাইট ভাল কৰিব পাৰিব। আমি বেলেগ কপি-ৰাইটাৰ নাৰাখিলেও হ’ব। এয়া মোৰ কাৰ্ড, ইচ্ছা থাকিলে মোৰ অফিচলৈ আহি কথা পাতিব পাৰে’। তাই কথাবোৰ আকৌ মনত পেলালে। পিছদিনাই তাই মিঃ বাৰ্মাক ফোনেৰে যোগাযোগ কৰিলত আজি সময় দি মাতি পঠিয়ালে। আৰু আহি এই অৱস্থা। হঠাতে তাইৰ প্রয়াগলৈ খং উঠি গ’ল। দিল্লীৰ পৰা কলকাতালৈ অহাৰ মাত্ৰ তিনি মাহহে হৈছে তাইৰ। তাই ইয়াৰ ৰাস্তা-ঘাটৰ তলা-নলা একো ভূ নাপায়। প্রয়াগক ক’লে, তাইক ঠিক ঠাইত নমাই থৈ চাকৰিলৈ যাবলৈ। সি ওলোটাই তাইক জ্ঞান দিয়াতহে লাগিল। “আৰে, ইয়াত চি-আৰ-এভিনিউ বুলি ক’লে যিকোনো টেক্সিবালাই লৈ যাব। বাছ যায়, চান্দনি চৌকলৈকে মেট্ৰোৰে’ল যায়, একো নহয়, অকলেই যাব পাৰিবা। তদুপৰি তোমাক চাৰে দহটাত নমাই থৈ মই অফিচ পামগৈ কেইটাত? বাৰটাত?”
আহিবলৈ ক’বলৈ আত্ম-সম্মানত লাগিছিল। তাই অকলে গুচি আহিছিল। “গুড লাক,” প্রয়াগে পিছফালৰপৰা কৈছিল। তাই উভতিয়ে চোৱা নাছিল।
খকৈ শব্দ এটা হ’ল। ভাস্বতীয়ে দুৱাৰৰ ফালে চাই দেখিলে, মিঃ সুভাষ বৰ্মা সোমাই আহিছে। তাই থিয় হ’ল। সোমায়েই মিঃ বৰ্মাই তাইকহে বাৰে বাৰে ক্ষমা খুজিলে বহুৱাই থোৱা বাবে। ভাস্বতীক তেওঁৰ অফিচ-ৰুমলৈ লৈ গ’ল। দুৱাৰখন খুলিয়েই এটা বিৰাট হল-ঘৰ। প্লাইউডৰ পাৰ্টিশ্বন কৰা আছে। সৰু সৰু কোঠালি। তাই যোৱা দেখি সমুখৰ কোঠালিটোৰ ল’ৰাজনে মূৰ তুলি চালে। টাইপ কৰি থকা ছোৱালীজনীয়ে মূৰ তুলিয়েই নাচালে।
: আচল কথা তোমাৰ অফিচ, তাকে নোকোৱা কিয়?
— তাইৰ মুখখন ফুলিছিল।
: তুমি জানানে, এবাৰ এজনী ছোৱালীয়ে দেউতাকক লগত লৈ ইণ্টাৰভিউ দিবলৈ যোৱা বাবে আমাৰ কোম্পানীত চাকৰি পোৱা নাছিল…
: থোৱা… ভাস্বতীৰ শুনিবলৈ আৰু ধৈৰ্য নাছিল।
: সঁচাকৈয়ে কৈছোঁ। আমাৰ জি-এমে সুধিছিল তাইক, আহোঁতে একো অসুবিধা হোৱা নাইতো? ছোৱালীজনীয়ে গপত ক’লে – “নাই হোৱা, দেউতা আহিছে লগত; বাহিৰত বহি আছে।”
: তোমাৰ জি-এম লুতুৰা স্বভাৱৰ যেন পাইছোঁ। দেউতাক লগত থকা বাবে বেয়া পাই চাকৰি নিদিয়া এটা কাৰণ হ’লনে?
: তোমালোক আজিকালি ফেমিনিষ্ট হৈ গৈছা,তো এনেকৈয়ে ভাবিবা। পিছে নাৰী-স্বাধীনতাৰ বক্তৃতা দিবলৈ মিটিংখনলৈ যাওঁতেও স্বামীয়ে গাড়ীখনেৰে থৈ আহিব লাগিব আকৌ লৈও আহিব লাগিব।
: চুপ কৰা, আচল কথা কোৱা —
তিনি
চকীখনত বহিয়েই মিঃ বৰ্মাই চিগাৰেট এটা জ্বলাব খুজিও নজ্বলালে। তাৰ সলনি ইণ্টাৰকমত চাহ আনিবলৈ কাৰোবাক ক’লে। ভাস্বতীৰ ফালে চাই মিচিকিয়াই সুধিলে —
“কওকচোন আপুনি কি ঠিক কৰিলে?” ক’ব লাগে তেওঁহে, আজিকালি প্ৰাৰ্থীয়ে চাকৰি কৰিবনে নকৰে কোৱাৰ দিন আছে জানো? ভাস্বতীয়ে ভাবিলে। তাই কি ক’ব, মনৰ ভিতৰতে ঠিক কৰি লৈ আৰম্ভ কৰিলে — “চাওক, বিজ্ঞাপন সংস্থাবোৰৰ কামনো কি প্ৰকৃততে, অসমৰ বাহিৰত থকাৰপৰা অলপ-অচৰপ জানো। তাকো সকলোবে জনাতকৈ বেছি নহয়। কাম কৰাৰ মোৰ অভিজ্ঞতা মাত্ৰ এখন মন্টেছৰি স্কুলত। এয়া মোৰ বায়’ডাটা….” বুলি ভাস্বতীয়ে ফাইল এটা মিঃ বৰ্মালৈ আগবঢ়াই দিওঁতেই তেওঁ ক’লে — “থাক, থাক, নালাগে। বায়’ডাটাৰে কাম একো নহয়। আপোনাৰ সম্পৰ্কে ইনফৰ্মেশ্বন আছে আমাৰ।” ভাস্বতী আচৰিত হ’ল। তাই আকৌ ক’লে — “কেপচন বা কপি-ৰাইট কৰা কামবোৰ মই পাৰিম বুলি বিশ্বাস। হিন্দী, বাংলা, ইংৰাজী, অসমীয়া — এই চাৰিটা ভাষাৰ কাম কৰিব পাৰিম। আপোনালোকৰ মাল্টিনেশ্বনেল কোম্পানীৰ সৈতে সম্পৰ্ক। কি বিষয়ত কেনেকৈ ‘ডিল’ কৰিব লাগিব বা কেনে সম্পৰ্ক…”
: আমাৰ জি-এমে ক’লে — তিনি বছৰ বয়সৰপৰা তেইশ বছৰ বয়সলৈকে যিজনী ছোৱালীয়ে মাক-দেউতাকৰ আঙুলি নধৰাকৈ খোজ কাঢ়িবলৈ শিকা নাই; তেওঁ পৰীক্ষাত যিমান টপ পজিশ্বন পাওক, চাকৰি নাপায়। এটা গুৰুত্বপূৰ্ণ পদত থাকি ‘ৰাইট-টাইম’ত ‘ৰাইট-ডিচিশ্বন’ ল’ব পৰাকৈ কনফিডেন্স থাকিবনে তাইৰ, যাৰ ছেল্ফ কনফিডেন্সেই নাই!”
: তাৰ পিছত?
: তাৰ পিছত কি হ’ব আৰু, সলসলাই চাহাবী ইংৰাজী কোৱা বিজিনেছ মেনেজমেণ্ট বিষয়ত প্রথম শ্ৰেণী পোৱা ছোৱালীজনীৰ ঠাইত ল’ৰা এটাই চাকৰি পালে। ভাস্বতীয়ে ইমানখিনি শুনাৰ পাছত প্রয়াগে তাইক থৈ…
“মই ৰাখিব লাগিব সেয়া আপোনালোকে বুজাই দিব লাগিব। মাছ কমিউনিকেশ্বন মই পঢ়িছিলোঁ, অসুবিধা হ’ব নালাগে। এইখিনি চাই যদি মই আপোনালোকৰ সহায়ত আহিম বুলি ভাবে, মোৰ আপত্তি নাই।” কথাখিনি কৈয়ে ভাস্বতীয়ে উশাহ এটা ল’লে দীঘলকৈ। “আমাক আপোনাৰ…”
To be continued….