১। অতি চমু প্রশ্নোত্তৰ :
(ক) ছাত্র জীবন কিহৰ সময়?
উঃ ছাত্র জীৱন শিক্ষালাভৰ সময়।
(খ) শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র কি?
উঃ শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র হ’ল একাগ্রতা।
(গ) ছাত্র ছাত্রত্ব শক্তি কেতিয়া লােপ পায়?
উঃ ছাত্ৰৰ মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পায়।
(ঘ) লেখকে কিহক ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে?
উঃ জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যােৱাটোক লেখকেন্যায় বুলিব নােৱাৰাৰ কথা কৈছে।
(ঙ) ছাত্রজীৱন আৰু সমাজ সেৱা’ পাঠটোৰ লেখক কোন?
উঃ ‘ছাত্রজীৱন আৰু সমাজসেৱা’ পাঠটোৰ লেখক হ’ল ডিম্বেশ্বৰ নেওগ।
(চ) লেখকে কিহক ধিক্কাৰৰ কথা বুলি কৈছে?
উঃ কুৰি শতিকাৰ মাজভাগত আমাৰ দেশত অজ্ঞানতাই নির্বিাদেৰাজত্ব কৰি থকাকে লেখকে ধিক্কাৰৰ কথা বুলি কৈছে।
(ছ) নগৰৰ জনক-জননী কোন?
উঃ নগৰৰ জনক-জননীহ’ল গাঁও।
(জ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্রীঃত শিৱসাগৰৰ কাৰদীয়া গাঁৱত জন্ম হৈছিল।
অতি চমু প্রশ্নাৱলী (মূল্যাংক – ১ নম্বৰকৈ)
১। ‘Growth of the Asomiya Language’ গ্রন্থৰ ৰচক কোন?
HSLC 2016
উত্তৰঃ ‘Growth of the Asomiya Language’ গ্রন্থৰ ৰচক হ’ল- ডিম্বেশ্বৰ নেওগ ।
২। ডেম ডেউকা কি?
HSLC 2017
উত্তৰঃ ডেম-ডেউকা হৈছে এবিধ জেকা ঠাইত হোৱা ৰসাল, বিজলুৱা ক্ষুদ্র গছ ।
২। ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল- মানিক চন্দ্র নেওগ ।
৩। ডিম্বেশ্বৰ নেওগৰ প্রথম বুৰঞ্জীমূলক গ্রন্থখনৰ নাম লিখা ।উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ প্রথম বুৰঞ্জীমূলক গ্রন্থখনৰ নাম ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯৩৭) ।
৪। ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীৰ জৰিয়তে সাহিত্যিকরূপে আত্ম প্রকাশ কৰে ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ‘বাহী’ আলোচনীৰ জৰিয়তে সাহিত্যিকরূপে আত্ম প্রকাশ কৰে ।
৫। লেখকৰ মতে কেনেকুৱা শিক্ষা আমাৰ প্রয়োজনীয় ?
উত্তৰঃ লেখকৰ মতে জ্ঞানকৰী, অর্থকৰী আরু কাৰ্যকৰী শিক্ষা, আমাৰ প্রয়োজনীয় ।
৬। শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র কি?
উত্তৰঃ শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র হৈছে একাগ্রতা ।
৭। বর্তমান শিক্ষাৰ প্রধান দোষ কোনটো ?
উত্তৰঃ বর্তমান শিক্ষা কামৰ শিক্ষা নহয়, এইটোৱে বর্তমান শিক্ষাৰ প্রধান দোষ ।
৮। প্রকৃত শিক্ষা কি কি?
উত্তৰঃ সমাজ সেৱা আরু দেশসেৱাই শিক্ষাৰ প্রকৃত শিক্ষা । লগতে, নৰসেৱাই প্রকৃত নাৰায়ণ সেৱা ।
৯। লেখকৰ মতে গাওঁবোৰ কেনেকুৱা হৈ আছে?
উত্তৰঃ লেখকৰ মতে গাওঁবোৰ অজ্ঞানতা আরু কুসংস্কাৰৰ লীলাভূমি হৈ আছে ।
১০। ছাত্র জীৱন কি কৰা সময় ?
উত্তৰঃ ছাত্র জীৱন জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা লোৱা সময় ।
১১। ছাত্রাৱস্থাত মনৰ গতি কেনে হ’ব লাগে?
উত্তৰঃ ছাত্রাৱস্থাত মনৰ গতি একমুখী হ’ব লাগে, বহুমুখী হ’লে ছাত্রৰ ছাত্রত্ব শক্তি লোপ পাবলৈ খোজে ।
১২। শিক্ষাৰ ঘাই কর্তব্য কি?
উত্তৰঃ সমাজ সেৱা আরু দেশ সেৱাই হৈছে শিক্ষাৰ ঘাই কৰ্তব্য ।
১। ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল ।
২। ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম লিখা ।উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম হৈছে-(ক) মালিকা, আরু (খ) ইন্দ্রধনু ।
৩। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত দুখন বুৰঞ্জীমূলক গ্রন্থৰ নাম লিখা । উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত দুখন বুৰঞ্জীমূলক গ্রন্থৰ নাম হৈছে-(ক)
আহিছিল।
(ক)আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, (খ) অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি ।
৪। শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ শিক্ষা বুলিলে শুদা বা কেৱল লিখা-পঢ়া কৰিব পৰাকে নুবুজায় । শিক্ষাৰ বিষয়ৰ সীমা নাই । মানুহৰ জীৱনৰ লক্ষ্য কি কি, কি কি কাম কৰিলে মানুহৰ জনম ধৰা বা লোৱা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে, কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি, মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি ।
৫। ছাত্রসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্রতি হ’ব লাগে?
উত্তৰঃ ছাত্রসকলে, ছাত্র অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী, অর্থকৰী আরু কাৰ্যকৰী বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্রতি হ’ব লাগে ।
৬। শিক্ষাৰ ভাগবোৰ কি কি?
উত্তৰঃ শিক্ষাৰ ভাগবোৰ হ’ল এনেধৰণৰ- মানুহৰ জীৱনৰ লক্ষ্য কি কি, কি কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি ইত্যাদি ।
৭। ছাত্রৱস্থাত মনৰ গতি কেনেধৰণৰ হ’ব লাগিব ?
উত্তৰঃ ছাত্রৱস্থাত মনৰ গতি একমুখী হ’ব লাগিব । বহুমুখী হ’লে ছাত্রৰ ছাত্রত্ব শক্তি লোপ পাব খোজে । ছাত্র হৈ ঘরুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গঢ় ঢালি দিলে নহব । মুঠতে, ছাত্রৱস্থাত ছাত্রৰ একাগ্রতাই হৈছে সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্র ।
Marking Question and Answer:
১। অজ্ঞানতাই মানুহৰ জীৱন কেনেদৰে দুখেৰে পৰিপূর্ণ কৰি তুলিছে?
উত্তৰঃ বহুতো লোকৰ অজ্ঞানতা অচেতন, গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে । নিজৰ ঘৈণী আরু ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণে ভায়ে-ভায়ে কটাকটি, মৰা-মৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাই । এনেবোৰ বিষয়ৰ লগত জড়িত অজ্ঞানতাই মানুহৰ জীৱন দুখেৰে পৰিপূর্ণ কৰি তুলিছে ।
২। গাঁও আরু নগৰৰ অন্তর্নিহিত সম্পর্ক কেনে ধৰণৰ ?
উত্তৰঃ গাওঁ একেধাৰে নগৰৰ জনক জননী । গাঁৱেই মাতৃস্বরূপ নগৰক জন্ম দি পিতৃস্বরূপে পালন কৰিছে ।
৩। ছাত্রসকলে গ্রাম্য জীৱনত শিক্ষাৰ প্রসাৰ কেনেদৰে কৰিব পাৰে ?
উত্তৰঃ ছাত্রসকলে গাঁৱত সোমাই গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক শিক্ষিত কৰি তুলিব লাগিব । তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট-কপট গুছাবলৈ চাব লাগিব । গাঁৱত কোনো নৰীয়া আদি হ’লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব । এনেবোৰ কাম ছাত্রৰ কর্তব্যৰ ভিতরুৱা ।
৪। কি কাৰণে খেতিয়কসকলৰ প্রতি যত্নশীল হোৱা বাঞ্চনীয় ? উত্তৰঃ নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে একে উশাহে ধ্বংস হ’ব, কিন্তু গাওঁ অর্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব
৫। প্রকৃত দেশৰ উন্নতি কিহৰ ওপৰত নির্ভৰশীল ?
উত্তৰঃ প্রকৃত দেশৰ উন্নতি মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজৰ সন্মান আরু দায়িত্বৰ কথা সোঁৱৰাই দিয়া ।
৬। ছাত্রসকলে কেনেদৰে কাৰ্যকৰী দেশসেৱাত নিয়োজিত হ’ব পাৰে?
উত্তৰঃ থোৱা-লোৱা, থকা-মেলা সকলো বিষয়তে গরু-পশুৰ জীৱনতকৈ মানুহৰ জীৱন যে বহু ওপৰৰ সেই কথা দেখুৱাব লাগে । এনেবোৰেই ছাত্রসকলৰ উপযুক্ত বন আরু কাৰ্যকৰী দেশসেৱাৰ শিক্ষা হ’ব ।
৭। একাগ্রতা ছাত্রজীৱনৰ বাবে কিয় প্রয়োজনীয় ?
উত্তৰঃ একাগ্রতা উন্নতিৰ ঘাই মন্ত্র । এই অৱস্থাত মনৰ গতি একমুখী হ’ব লাগে; বহুমুখী হ’লে তেওঁলোকৰ অধ্যয়ণ বিঘ্নিত হ’ব পাৰে ।
৮। জীৱনত উন্নতি কৰিবলৈ হ’লে ছাত্রসকল কেনেদৰে আগবাঢ়িব লাগিব ?
উত্তৰঃ ছাত্র হৈ ঘরুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা চালি দিলে তেনে ছাত্রই জীৱনত উন্নতি কৰিব নোৱাৰে । এনেবিলাক কথাত কাল আরু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব ।
৯। অভ্যাসে কেনেদৰে কাৰ্যকৰী শিক্ষা লাভত সহায় কৰে?
উত্তৰঃ কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব । সাঁতুৰিবলৈ হ’লে পানীত ননমাকৈ নহয় সেইদৰে অভ্যাসেহে জ্ঞান অর্জনৰ একাগ্রতা আনি দিয়ে ।
১০। শিক্ষালাভত অনুশীলনে কেনেদৰে সহায় কৰে ?
উত্তৰঃ ছাত্রসকলে শালিধানৰ বোকামাটিত নেনামিব পাৰে কিন্তু কঠিয়াতলিত হ’লে জুৰি চাব লাগিব, নহ’লে তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে । অনুশীলন হৈছে শিক্ষাৰ প্রথম আরু প্রধান আহিলা ।
১১। ছাত্রসকলে সমাজসেৱা করোঁতে কি দিশত ধ্যান দিয়া উচিত ?
উত্তৰঃ ছাত্রসকলে সকলোবোৰ কাম ছাত্র জীৱনৰ সীমনাত থাকি কৰিব লাগিব, অর্থাৎ শিক্ষালাভ আরু পঢ়া-শুনা অটুত ৰাখি তেওঁলোকে সুবিধা উলিয়াই সমাজৰ উন্নতিৰ চিন্তা কৰিব লাগে ।
অতি চমু প্রশ্নাৱলীঃ
১। দেশৰ দুৰ্দিনত ডেকাসকলে কি কৰা উচিত ?
উত্তৰঃ দেশৰ দুৰ্দিনৰ সময়ত ডেকাসকলে প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব ।
২। কাৰ্যকৰী শিক্ষাৰ কাৰণে ছাত্রই কি কৰা উচিত?
উত্তৰঃ কাৰ্যকৰী শিক্ষাৰ বাবে ছাত্রসকলে গাঁৱৰ নিৰক্ষৰতা দূৰীকৰণ অন্ধবিশ্বাস, কু-সংস্কাৰ ইত্যাদি নিৰ্মূলত অংশগ্রহণ কৰিব লাগে । উপদেশ আরু উদাহৰণেৰে গাঁৱলীয়া জীৱনৰ সংস্কাৰমুক্ত কৰাত আগভাগ ল’ব পাৰে ।
৩। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ হ’ল- অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী, নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ইত্যাদি ।
৪। নেওগে ক’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে ?
উত্তৰঃ গুৱাহাটী কটন কলেজৰ পৰা ১৯২৪ চনত নেওগে বিজ্ঞানৰ স্নাতক (বি.এছ.চি) ডিগ্রী লাভ কৰে ।
৫। ডিম্বেশ্বৰ নেওগে কেতিয়া চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰি শেষত যোৰহাট নৰ্মাল স্কুলৰ পৰা নেওগে ১৯৫১ চনত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে ।
৬। ডিম্বেশ্বৰ নেওগে কেতিয়া আরু ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম স্থান অধিকাৰ কৰি অসমীয়াত স্নাতকোত্তৰ ডিগ্রী (এম.এ.) পৰীক্ষাত উত্তীৰ্ণ হয় ।
৭। অসমীয়া সাহিত্যত নেওগ কিরূপে পৰিচিত ?
উত্তৰঃ অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগক কবি, সমালোচক আরু সাহিত্যৰ ইতিহাস প্রণেতা হিচাপে পৰিচিত ।
৮। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী কেইখন কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী কেইখন হ’ল- অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী আরু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লগতে তেওঁ ইংৰাজী ভাষাত ‘New Light on the History of Asamiya Literature’ শীৰ্ষক গ্রন্থ ৰচনা কৰে ।
৯। ডিম্বেশ্বৰ নেওগৰ সমালচনামূলক দুখন গ্রন্থৰ নাম লিখা ।
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ সমালচনামূলক দুখন গ্রন্থৰ নাম হ’ল- ‘অসমীয়া সাহিত্যৰ জিলিঙনি’, ‘অসমীয়া সাহিত্যৰ জেউতি’, ‘অসমীয়া সাহিত্যৰ অধ্যয়ণ’ ইত্যাদি ।
১০। ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ দুখন কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ দুখন হৈছে- ‘বৈষ্ণৱ ধর্মৰ আঁতিগুৰি’ আরু ‘যুগনায়ক শংকৰদেৱ’, য’ত শংকৰদেৱ আরু নৱবৈষ্ণৱ ধর্মৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা দাঙি ধৰা হৈছে ।
১১। নেওগৰ প্রতিভাৰ প্রধান দিশসমূহ কি কি?
উত্তৰঃ নেওগৰ প্রতিভাৰ প্রধান দিশসমূহ হ’ল- নেওগ একাধাৰে কবি, নাট্যকাৰ, সমালোচক, সাহিত্যৰ ইতিহাস প্রণেতা, শিক্ষাবিদ আরু সংগঠক ।
১২। নেওগৰ একমাত্র গল্পপুথিখনৰ নাম কি?
উত্তৰঃ নেওগৰ একমাত্র গল্পপুথিখনৰ নাম হৈছে- ‘দীপাৱলী’ (একমাত্র চুটিগল্পৰ সংকলন) ।
১৩। নেওগৰ একমাত্র উপন্যাসখনৰ নাম কি?
উত্তৰঃ নেওগৰ একমাত্র উপন্যাসখনৰ নাম হ’ল- ‘গাৱে-নগৰে’ ।
১৪। নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয় ?
উত্তৰঃ ১৯৬৬ খ্রীঃৰ ১২ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্যৰ অন্যতম সাধক ডিম্বেশ্বৰ নেওগে মৃত্যুক আঁকোৱালি লয় ।
১৫। অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ কি কবিরূপে পৰিচিত?
উত্তৰঃ অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ ‘ইন্দ্রধনু’ৰ কবিরূপে পৰিচিত ।
১৬। ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহৰ নাম লিখা ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহ হ’ল- মালিকা, অসমা, বিচিত্রা, থুপিতৰা, মালতী, থাপনা, মেঘদূত, মুকুতা ইত্যাদি ।
১৭। ডিম্বেশ্বৰ নেওগৰ কবিতাৰ প্রধান ধাৰা দুটি কি কি?
উত্তৰঃ নেওগৰ কবিতাৰাজিত সাধাৰণতে দুটা ধাৰা চকুত পৰে । এহাতে তেওঁ আবেগত গা ঢালি দিয়া কবি, আনহাতে স্বদেশপ্রেমিক কবি । মুখ্যতঃ তেওঁ প্রেমৰ কবি আরু তেওঁৰ সৰহভাগ কবিতাৰ উৎস হ’ল প্রেম ।
১৮। ডিম্বেশ্বৰ নেওগদেৱৰ অনুবাদ কবিতাসমূহ কেনে ধৰণৰ ?
উত্তৰঃ নেওগে কেইবাটাও ইংৰাজী কবিতাৰ সৰল অসমীয়া ভাঙনি কৰে । শ্যেলী, টেনিচন আদিত কবিতাৰ ভাঙনিতো নেওগে দক্ষতা প্রদৰ্শন কৰিবলৈ সক্ষম হৈছে ।