অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ?
(ক) কবিয়ে কিহে পৃথিৱীৰ দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উঃ উষা অর্থাৎ পুৱাৰ সূৰুযৰ কুঙ্কুম ৰাগে দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে।
(খ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে?
উঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
(গ) কবিয়ে ভক্তবৃন্দ মােহ তন্দ্রালস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উঃ কবিয়ে ভক্তবৃন্দক মােহ তন্দ্রালস ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।
(ঘ) ৰঘুনাথ চৌধাৰীয়ে প্রথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছিল?
উঃ ৰঘুনাথ চৌধাৰীয়ে প্রথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ সাদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
(ঙ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ?
উঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল।
২। প্রশস্তিৰ অর্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
উঃ প্রশস্তিৰ অৰ্থ আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্রশস্তি গাইছে।
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম সাদৰী আৰু নৱমল্লিকা।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উঃ কবিয়ে নতুন কুঁহিপাতবােৰে প্রকৃতিক সাদৰি অনা বুলি কৈছে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উঃ কবিয়ে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্রেম পৰিমল যচা বুলি কৈছে।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উঃ কবিয়ে জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলা বুলি কৈছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি কৱিয়ে কৈছে?
উঃ কবিয়ে কীচক বেণুৱেও মহামহিম স্ৰষ্টাৰ গান গায় বুলি কৈছে।
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবােৰ হ’ল —ঊষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহঙ্গ।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্রশস্তি গাইছে। প্রকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অর্থাৎ নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। সেয়ে সেই চিৰসুন্দৰৰ প্রশস্তি কৰিছে যাতে সকলােৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।