সাগৰ দেখিছা – হেম বৰুৱা
ৱাশ্বিংটন (১) ছবিত সাগৰ দেখিছোঁ। নীলা সাগৰ। কিতাপতো ইয়াৰ বর্ণনা পঢ়িছোঁ। বিশেষকৈ কবিতাত। লর্ড বাইৰণ, জন্ মেছফিল্ড আদিৰ কবিতাত। সেই যেঃ “নীলিম সলিল ৰাশি, বাধাহীন উর্মিমালা, আছে দূৰ দিগন্ত বিয়াপি।” ইয়াৰ আগতে “দিগন্ত বিয়াপি” থকা সাগৰৰ সীমাৰেখা চকুৰ পৰ্দ্দাত তেনেকৈ ধৰা পৰা নাছিল। পোনতে সাগৰ দেখিছিলোঁ। আজি তিনি বছৰৰ আগতে ব্রহ্মদেশলৈ যাওঁতে। সেইয়া সাগৰৰ চকামকা…