অতি চমু প্রশ্নাৱলী মূল্যাংকঃ ১ নম্বৰকৈ
৩। মাধৱদেৱৰ জন্মস্থান কি?
উত্তৰঃ ১৪৮৯ চনত জন্মগ্রহণ কৰা মাধৱদেৱৰ জন্মস্থান হ’ল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ।
৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান ?
উত্তৰঃ মাধৱদেৱৰ ভনিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায় । ইয়াৰ উপৰি ভাব আরু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতত সংখ্যা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে ।
৫। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন পুথিক বুজায়?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে ‘নামঘোষা’ পুথিক বুজায় । এহেজাৰটা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বোলা হয় ।
৬। মাধৱদেৱৰ ক’ত মৃত্যু হৈছিল?
উত্তৰঃ মাধৱদেৱৰ মৃত্যু হৈছিল ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাংগাত হৈছিল ।
৭। মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি?
উত্তৰঃ মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম হ’ল- ৰাজসূয় কাব্য ।
৮। মহাপুরুষ মাধৱদেৱে শিক্ষা জীৱন ক’ত আৰম্ভ কৰে?
উত্তৰঃ ৰাজেন্দ্র অধ্যাপকৰ অধীনত তেওঁৰ টোলত মহাপুরুষ মাধৱদেৱে শিক্ষা জীৱন আৰম্ভ কৰে ।
৯। মাধৱদেৱ কোনজন গুরুৰ প্রিয়তম শিষ্য আছিল ?
উত্তৰঃ মাধৱদেৱ শ্রীমন্ত শংকৰদেৱ গুরুজনাৰ প্রিয়তম শিষ্য আছিল ।
১০। মাধৱদেৱে ক’ত সত্র স্থাপন কৰে?
উত্তৰঃ মাধৱদেৱে বৰাদি, গণককুছি, সুন্দৰীদিয়া, মধুপুৰ ইত্যাদি বিভিন্ন স্থানত সত্র স্থাপন কৰে । ১
১। ‘নামঘোষা’ক আরু কি নামেৰে জনা যায়?
উত্তৰঃ ‘নামঘোষা’ক আরু ‘হাজাৰী’ ঘোষা নামেৰে জনা যায় ।
১২। ‘অৰ্জুন ভঞ্জন’ নাটকখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ‘অৰ্জুন ভঞ্জন’ নাটকখন মাধৱদেৱে ৰচনা কৰিছিল ।
১৩। মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভাব প্রকাশ পাইছে ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ মাজেৰে বাৎসল্য, দাস্য আরু সাম্যভাবৰ প্রকাশ পাইছে ।
১৫। বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে ?
উত্তৰঃ বৰগীতটিত কবিয়ে ভগৱানৰ চৰণত শৰণ লব বিচাৰিছে ।
১৬। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ” – “ছোড়” শব্দৰ অর্থ লিখা ।উত্তৰঃ এই কবিতাংশত থকা “ছোড়” শব্দৰ অর্থ হৈছে- ছিঙি দিয়া ।
১৮। শব্দার্থ লিখাঃ উত্তৰঃ যাহাকু – যিজনক ।নিগমে – নিগম শাস্ত্র । ধিয়ায় – ধ্যান কৰে ।বয়নে – মুখেৰে । বিষয়-বিকলে – সাংসাৰিক দুখ, বিষয় বাসনাত কাতৰ ।শৰণ – আশ্রয় । ছোড় – ছিঙি দিয়া । মোহ-পাশ – মায়াৰ বন্ধন । চৰণ – ভৰি । কৃপাৰ
– দয়াৰ । মহাধন – মূল্যবান সম্পদ । দাসকু দাস –দাসৰো দাস । বান্ধৱ – বন্ধু । উদ্ধাৰ – ৰক্ষা কৰা । কৃপাৰ সাগৰ – দয়াৰ সাগৰ, দয়ালু ।
B. চমু প্রশ্নাৱলীঃ মূল্যাংক ২/৩ নম্বৰকৈ
১। মাধৱদেৱৰ পিতৃ–মাতৃৰ নাম কি আছিল ?
উত্তৰঃ মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰী ভূঞা আরু মাতৃ মনোৰমা ।
২। মাধৱদেৱে ক’ত ক’ত ধর্মপ্রচাৰ কৰিছিল?
উত্তৰঃ শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুরুৰ পদাংককে অনুকৰণ কৰি বৰাদি, গনককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত সত্র স্থাপন কৰি ধর্ম প্রচাৰ কৰিছিল ।
৩। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।উত্তৰঃ মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-(ক) অৰ্জুন ভঞ্জন আরু (খ) দধিমথন ।
৪। মাধৱদেৱে ৰচনা কৰা তত্ত্বগধুৰ ৰচনা সমূহ কি?
উত্তৰঃ মাধৱদেৱে ৰচনা কৰা তত্ত্বগধুৰ ৰচনা সমূহ হ’ল- জন্মৰ ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা আদি ।
৫। মাধৱদেৱৰ বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা । উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য হৈছে-(ক) বাৎসল্য ভাব প্রকাশক আরু (খ) চোৰ, চাতুৰী, খেলন, জাগন আদি মূল বিষয়বস্তুৰ প্রকাশ ।
৬। “আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।” – ইয়াত বিষয় বিকলে মানে কি বুজাইছে?
উত্তৰঃ প্রশ্নোক্ত বাক্য ফাঁকিত বিষয়-বিকলে মানে ছয় ৰিপুক বুজাইছে । মানুহৰ জন্মৰ লগে লগে ৰিপু আরু প্রবৃত্তিসমূহে জন্ম লাভ কৰে । প্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে ই শক্তিশালী রূপত আত্মপ্রকাশ কৰে । এই ছয় ৰিপু হৈছে- কাম, ক্রোধ, লোভ, মোহ, মদ আরু মাৎসৰ্য, এই প্রভূতি ৰিপুৰ তাড়নাত মানুহে প্রকৃত পথ পাহৰি পায় আরু ইয়াৰ পৰা পৰিত্রানৰ একমাত্র ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে একো নাই বুলি কবি, শ্রী শ্রী মাধৱদেৱে ব্যক্ত কৰিছে ।
৭। “তোমাৰ চৰণ দুই মোৰ মহা ধন ।”- ইয়াত ‘মহাধন’ মানে কি?
উত্তৰঃ উক্ত কবিতাংশত উল্লেখ কথা ‘মহাধন’ মানে হৈছে মূল্যবান সম্পদ । সংসাৰ সাগৰ পাৰ হবৰ বাবে কবিয়ে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে । তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰিবলৈ ভগৱানৰ মূল্যবান সম্পদ দুই চৰণ আছে আরু এই পৃথিৱীত একো নাই বুলি ভক্ত কবি, মাধৱদেৱে উল্লেখ কৰিছে ।
৮। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।”- ইয়াত কি মোহপাশৰ কথা কৈছে?
উত্তৰঃ বৰগীত ফাঁকিৰ যোগেদি ভক্ত কবি, শ্রী শ্রী মাধৱদেৱে এই পৃথিৱীৰ মানুহ বোৰে জন্মৰ লগে লগে ছয় ৰিপু আরু প্রবৃত্তিসমূহৰ দ্বাৰা আবদ্ধ হয় আরু এই ৰিপু আরু প্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে অধিক শক্তিশালী হৈ পৰে । এই ছয় ৰিপুসমূহৰ ভিতৰত- কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসৰ্য, প্রবৃত্তি তাড়নাকে মোহপাশ বুলি কৈছে ।
৯। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ । কহয় মাধৱ হৰি দাসকু দাস ।” – পদফাঁকিৰ জৰিয়তে বক্তাৰ কেনে মনোভাব প্রকাশ পাইছে ।
উত্তৰঃ পদফাঁকিৰ জৰিয়তে বক্তাৰ অর্থাৎ ভক্ত কবি, শ্রী শ্রী মাধৱদেৱে ভগৱানকে (বা নাৰায়ণক) কৃপা কৰিব কৈছে । তেওঁৰ দাসৰো দাস হৈ ভগৱানৰ অভয় চৰণত শৰণ লৈছে যাতে এই সংসাৰৰ ছয় ৰিপু আরু প্রবৃত্তিসমূহৰ তাড়নাৰ পৰা আতৰি (ছোড় মোহ পাশ) ভগৱানৰ সৈতে বিলিন হ’ব পাৰে ।
১০। শংকৰদেৱ আরু মাধৱদেৱে কিমানটাকৈ বৰগীত ৰচনা কৰিছিল ?
উত্তৰঃ শংকৰদেৱে ‘বাৰকুৰি’ (১২ x ২০ = ২৪০ টা) বৰগীত ৰচিছিল যদিও বর্তমান একুৰি চৈধ্যতা (৩৪ টা) হে পোৱা গৈছে । মাধৱদেৱৰ ভনিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায় । ইয়াৰ উপৰি ভাব আরু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা নকুৰি এঘাৰটা (১৯১ টা) বুলি পণ্ডিত সকলে অনুমান কৰিছে ।
অতি চমু প্রশ্নাৱলী মূল্যাংকঃ ১ নম্বৰকৈ
১। মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে মিলিত হয় ?
উত্তৰঃ মাধৱদেৱে শংকৰদেৱৰ সৈতে ধুৱাহাট বেলগুৰিত মিলিত হয় ।
২। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি?
উত্তৰঃ ‘দাস্যমূলক ভক্তিৰস’ মাধৱদেৱৰ বৰগীতৰ মূল ৰস ।
৩। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন হ’ল- চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বেহাৰ, ভূমি লুটিয়া ইত্যাদি ।
৪। মাধৱদেৱৰ দ্বাৰা প্রনীত তত্ত্বমূলক গ্রন্থ কি কি?
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা প্রনীত তত্ত্বমূলক গ্রন্থ কেইখন হ’ল- জন্মৰহস্য, নামমালিকা আরু ভক্তি ৰত্নাৱলী ।
চমু উত্তৰ লিখাঃ-
১। আমাৰ সংগীতৰ প্রাচীন ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছে?
উত্তৰঃ অসমীয়া সংগীতৰ ইতিহাস অতি প্রাচীন । প্রাক্শংকৰী যুগৰ বহু পূর্বতেই অসমীয়া লোক সংগীতে বিভিন্ন দিশত প্রকাশ লাভ কৰে ।
২। অসমত সংগীতৰ প্রাচীনত্বৰ নি নিদর্শন ক’ত পোৱা যায় ?
উত্তৰঃ অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্রা আরু বিদ্যাধৰীৰ মূৰ্ত্তি পোৱা গৈছে ।
৩। নাটঘৰ প্রতিষ্ঠা কিয় কৰা হৈছে ?
উত্তৰঃ পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য-গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল । এই নাটঘৰবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিছিল । অসমৰ ভালেমান প্রাচীন মঠ মন্দিৰত নিয়মিতভাৱে নৃত্য-গীতৰ চর্চা হৈছিল ।
৪। অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?
উত্তৰঃ অসমত ওজাপালিৰ ঐতিহ্য অতি প্রাচীন । এই পৰম্পৰা প্রাক্শংকৰী যুগৰে পৰা অসমত প্রচলিত হৈ আহিছে ।
৫। চৰ্যা গীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনিত?
উত্তৰঃ চৰ্যাগীতসমূহে দৰাচলতে প্রতীকধর্মী ভাষাত ৰচিত ধর্ম সাধনৰ গীত । এই গীতৰ ভাব আরু বিষয়বস্তুৰ সৈতে শংকৰদেৱ-মাধৱদেৱ বিৰচিত
বৰগীতৰ যথেষ্ট সাদৃশ্য আছে ।
৬। চৰ্যাগীত আরু গীতি ৰামায়নৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয় ?
উত্তৰঃ চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ঢালনীভাৱে পোৱা যায় । চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জৰী, গবড়া, অরু, গুৰ্জৰী, গঞ্জৰ, কচু গুঞ্জৰী প্রভূতি ৰাগ বৰগীততো আছে । শংকৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়নতো বিভিন্ন ৰাগ সন্নিবিষ্ট হৈছে । গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ট পুৰণি ।
৭। বৰগীতত শাস্ত্রীয় আরু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে ?
উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিবিষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ-তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ সুৰত কিছু থলুৱা সুৰৰ প্রভাৱ দেখা যায় । বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সুৰৰ প্রভাৱ দেখা যায় । বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যৱহৃত সুৰৰ সাদৃশ্য দেখা যায় ।
৮। বৰগীতসমূহ কেনেদৰে পৰিবেশন কৰা হয় ?
উত্তৰঃ ভাৰতীয় সংগীত শাস্ত্রৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্দ্ধাৰিত ৰাগ অনুসৰি পৰিবেশন কৰা হয় ।
৯। অসমৰ থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজপৃষ্ঠপোষকতা লাভ কৰে?
উত্তৰঃ স্বর্গদেউ রুদ্রসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয় । রুদ্রসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আরু তেওঁ গীতো ৰচনা কৰিছিল ।
১০। কেতিয়াৰে পৰা অসমত নৃত্য-গীত চর্চাৰ কাৰণে অনুকূল পৰিবেশৰ সৃষ্টি হয় ?
উত্তৰঃ আহোম ৰজাৰ ৰাজত্বকালতে নৃত্য-গীত চর্চাৰ বাবে এক অনুকূল পৰিবেশৰ সৃষ্টি হৈছিল । প্রায়বোৰ প্রাচীন মন্দিৰৰ লগতে নৃত্য-গীতচর্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল ।
১১। রুদ্রসিংহই কোনবিধ সংগীতৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়াইছিল ?
উত্তৰঃ রুদ্রসিংহই ভাৰতীয় শাস্ত্রীয় সংগীতৰ লগে লগে সত্রীয়া মুলৰ বৰগীত, নৃত্য আরু অংকীয়া নাট অভিনয়ৰ বাবেও পৃষ্ঠপোষকতা আগবঢ়াইছিল । তেওঁ ভাৰতৰ বাহিৰলৈ গৈ হিন্দুস্থানী সংগীতৰ প্রশিক্ষণ লবৰ কাৰণে নট-নটী পঠিয়াইছিল । লগতে ভাৰতীয় সংগীতৰ ওস্তাদৰ হতুৱাই থলুৱা মানুহক সংগীতৰ জ্ঞান লাভ কৰিবলৈ উৎসাহিত কৰিছিল ।
১১। কোনজন স্বর্গদেৱে সংগীতৰ উৎকর্ষত সর্বাধিক অৱদান আগবঢ়াইছিল ?
উত্তৰঃ অসমৰ সংগীতৰ উৎকর্ষ সাধৰনৰ ক্ষেত্রত স্বর্গদেৱ রুদ্রসিংহৰ অৱদান সবাতোকৈ অধিক । তেওঁৰ দিনতেই ভাৰতীয় শাস্ত্রীয় সংগীত আরু থলুৱা লোক সংগীতৰ বিকাশৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়োৱা হয় ।
১২। কোনে শাস্ত্রীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্রিয় কৰিছিল ?
উত্তৰঃ মহাপুরুষ শংকৰদেৱে শাস্ত্রীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্রিয় কৰি তোলাৰ বাবে বিশেষ চেষ্টা কৰিছিল । এই নাচবোৰৰ ভিতৰত চালিনাচ, সূত্রধাৰী নাচ, কৃষ্ণ নাচ, নটুৱা নাচ আদি উল্লেখযোগ্য ।
১৩। বৰগীতৰ মূলবস্তু কি?
উত্তৰঃ ৰাগ বৰগীতৰ মূল বস্তু । শুদ্ধ রূপে প্রয়োগৰ অবিহনে বৰগীতৰ স্বরূপ ফুটি নুঠে ।
১৪। বৰগীতৰ মূলবস্তু কি?
উত্তৰঃ ৰাগ বৰগীতৰ মূল বস্তু । শুদ্ধরূপে প্রয়োগৰ অবিহনে বৰগীতৰ স্বরূপ ফুটি নুঠে ।
১৫। বৰগীতৰ অন্তৰ্নিহিত সাৰতত্ত্ব কি?
উত্তৰঃ বৰগীত সাংসৰিক প্রেম কাহিনীৰ পৰা মুক্ত, সম্পূর্ণ আধ্যাত্মিক উপাসনা প্রসঙ্গৰ গীত । তদুপৰি ই মহাপুরুষৰ দ্বাৰা ৰচিত হ’ব লাগিব ।
১৬। বৰগীত সম্পর্কে কি প্রবাদ প্রচলিত আছে?
মহাপুরুষৰ ৰচিত গীতৰ সংখ্যা কিমান ?
উত্তৰঃ আমাৰ সমাজত ‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা’ বুলি এটি প্রবাদ প্রচলিত হৈ আহিছে যদিও শংকৰ মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে ।
১৭। কথাগুরু চৰিত্রত বৰগীত ৰচনা সম্পর্কে কি উল্লেখ আছে ?
উত্তৰঃ শংকৰদেৱে প্রথমবাৰ তীর্থযাত্রাৰ পৰা উভতি আহি ‘মন মেৰি ৰাম চৰনেহি লাগু’ শীৰ্ষক বৰগীতটি ৰচনা কৰা বুলি কথাগুরুচৰিত্রত উল্লেখ কৰা হৈছে ।
১৮। শংকৰদেৱৰ বৰগীতত কি কি ভাবৰ সমাবেশ ঘটিছে?
উত্তৰঃ শংকৰদেৱৰ বৰগীতসমূহত বিবিধ ভাবৰ সমাহাৰ লক্ষ্য কৰা যায় । জ্ঞান আরু ভক্তিযোগৰ লগে লগে তেওঁৰ গীতত বাৎসল্য, দাস্য, সম্য, প্রভূতি বিবিধ ভাবৰ সমাহাৰ ঘটিছে ।
১৯। শংকৰদেৱৰ বৰগীতিত কি কি ৰাগ উল্লেখিত হৈছে?
উত্তৰঃ শংকৰদেৱৰ বৰগীতিত আশোৱাৰী, নাটমল্লাৰ, ধনশ্রী, গৌৰী, শ্রী, কেদাৰ, সুহাই, বসন্ত, মাউৰ, ভূপালী অহিৰ, কল্যাণ, ভুড় বসন্ত প্রভূতি ৰাগত উল্লেখ পোৱা যায় ।
২০। বৰগীতত কোনবোৰ দিশ প্রতিফলিত হৈছে?
উত্তৰঃ বৰগীতসমূহ শংকৰদেৱ আরু মাধৱদেৱৰ কবিত্ব শক্তিৰ জলন্ত নিদর্শন । সাংসাৰিক বিষয় ভোগৰ প্রতি অনাস্থা, যাগ-যজ্ঞ, পূজা-পাতল, তপ-জপৰ অসাৰতা আরু জীৱন-যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগৱানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীতসমূহত সন্নিবিষ্ট হৈছে ।
২১। বৰগীত আরু বিদ্যাপতি চণ্ডীদাসৰ পদাৱলীৰ মাজত পার্থক্য কোনখিনিত?
উত্তৰঃ বিষয়বস্তুৰ গাম্ভীৰ্য আরু প্রকাশভঙ্গীৰ সংযম বৰগীতসমূহৰ মনকৰিবলগীয়া বৈশিষ্ট্য । বৰগীতত বিদ্যাপতি চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা-কৃষ্ণৰ অবৈধ প্রণয়ৰ চিত্র নাই, তাৰ পৰিৱৰ্তে ভক্ত আরু ভগৱানৰ আধ্যাত্ম সম্পর্কৰ কথাহে আছে ।
২২। বৰগীতত কেনে ভাবৰ মর্মস্পর্শী চিত্রণ লক্ষ্য কৰা যায় ?
উত্তৰঃ বৰগীতসমূহ মগাপুরুষদ্বয়ৰ কাব্যিক আরু সাহিত্যিক প্রতিভাৰে উল্লেখযোগ্য নিদৰ্শন । বৰগীতত কবিৰ ভগৱন্তৰ প্রতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্রার্থনা । পৰমজনৰ ওচৰত আত্মসমর্পণৰ সুৰ, জীৱন-যাতনাৰ পৰামুক্তি পাবলৈ কৰা আবেগময়ী প্রার্থনাৰ অতি মর্মস্পৰ্শী চিত্র অংকিত হৈছে ।
২৩। অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে?
উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰ সকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয় ।
২৪। অঙ্কৰ গীত কি?
উত্তৰঃ অংকীয়া নাটসমূহত সন্নিবিষ্ট গীতবৰক অংকৰ গীত বোলা হৈছে ।
২৫। বৰগীতৰ ৰাগসমূহ ক’ত এতিয়াই ব্যৱহৃত হৈ আছে ?
উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱৰ বৰগীতসমূহত সন্নিবিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীততো প্রচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ সৰহভাগেই বৰ্তমানো হিন্দুস্তানী আরু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যৱহৃত হৈ আছে ।
২৬। বৰগীত সমূহ ক’ত আরু কেতিয়া পৰিবেশন কৰা হয় ?
উত্তৰঃ বৰগীতসমূহ মুখ্যতঃ প্রাৰ্থনা গীত । অসমৰ সত্রসমূহত এই গীতসমূহ বিভিন্ন প্রসংগত পৰিবেশন কৰা হয় । চৈধ্য প্রসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে । ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিবেশন কৰা হয় ।
২৭। শংকৰদেৱ আরু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাব প্রকাশিত হৈছে?
মাধৱদেৱৰ বৰগীতৰ আনুভূতিক দিশটো কেনে ধৰণৰ ?
উত্তৰঃ বৈষ্ণৱ ধর্মৰ মূল নীতি, বিষ্ণু বা শ্রী কৃষ্ণ তথা ৰামচন্দ্রৰ রূপ বৰ্ণনা, কৃষ্ণ-বিষ্ণু ৰামচন্দ্রৰ অভিন্নতা, আত্মক্রটি ভগৱানৰ কৃপা ভিক্ষা, নামৰ মহিমা, গোপিনী বিৰহ, লীলা, মাতৃ-পুত্রৰ মাজত আন্তৰিক সম্পর্ক, বিৰহ বেদনা, আধ্যাত্মিক বেদনা প্রভূতি বিবিধ ভাব বৰগীতত প্রকাশিত হৈছে । মাধৱদেৱৰ বৰগীতত অনুভূতিৰ গাঢ়তা শংকৰদেৱতকৈ অধিক । মাধৱদেৱৰ বৰগীতিত আত্মসমৰ্পণ আরু দাস্য ভাবৰ আকুলতা লক্ষ্য কৰা যায় ।
২৮। ভটিমা কি?
উত্তৰঃ ভটিমা হ’ল প্রশস্তিমূলক গীত । ইয়াৰ জৰিয়তে গুরু বা ভগৱানৰ গুণানুকীৰ্ত্তন কৰা হয়, বৰগীতিত এই দুয়ো প্রকাৰ ভটিমা দেখিবলৈ পোৱা যায় ।
২৯। ঝুমুৰা কি?
উত্তৰঃ ঝুমুৰা হ’ল এক শ্রেণীৰ নৃত্য প্রধান নাটক । অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ বাকী নাটকসমূহক ‘ঝুমুৰা’ বুলি কোৱা হয় । যেনে- ৰাস ঝুমুৰা । ঝুমুৰাবোৰ চুটি আরু নাৰী প্রধান |