১। অতি চমুকৈ উত্তৰ দিয়া ।
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’আখ্যা দিয়া হৈছিল।
(খ) সাতামপুৰুষীয়া ‘সােণৰ চোতালঘৰ’ কিহেৰে পােত খাই আছে বুলি কৰিয়ে কৈছে?
উঃ সাতামপুৰুষীয়া সােণৰ চোতাল-ঘৰ’যুগ যুগৰ ভূ অর্থাৎ জাৱৰ-জোঁথৰ, মলি, পৰাধীনতাৰ কালিমা আদিৰে পােত খাই আছে বুলি কবিয়ে কৈছে।
(গ) জাতিৰ জীৱন মনােহ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উঃ জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে।
(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উঃ চাই থাকোতে থাকোতে কবিয়ে মুখ কেবল কাজল-ছাইৰে ভৰি পৰিল বুলিছে।
১।কবিয়ে কাৰ ঝাড়ুদাৰ হ’বলৈ কৈছে?
উঃ কবিয়ে জাতিৰ ঝাড়ুদাৰ হ’বলৈ কৈছে।
২। ‘মলি-মামৰ’ বুলি কবিয়ে কিহক বুজাইছে?
উঃ ‘মলি-মামৰ বুলি কবিয়ে হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘূণি, স্বার্থ-ভেম আদিক বুজাইছে।
৩। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো কৰিয়ে কেতিয়া ৰচনা কৰিছিল?
উঃ পৰাধীন দেশত আন্দোলন কৰি সশ্রম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত কবিয়ে ‘ধৰ ঝাড়ু ধৰ ভাই’কবিতাটো ৰচনা কৰিছিল।
8। যুগৰ ভূহুৰ’ মানে কি?
উঃ যুগ অর্থাৎ বছৰ বছৰ ধৰি তৰপে তৰপে গােট খাই থকা জাৱৰ-জোঁথৰ , মলি ইত্যাদিয়েই যুগৰ ভূ। কবিতাটোত এইব ক্যাংশৰে পৰাধীনতাৰ কালিমাক বুজোৱা হৈছে ।