১/ অতি চমু উত্তৰ লিখা:
(ক) এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?
উঃ এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছে মংগােলীয় গােষ্ঠী।
(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।
(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।
(ঘ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল?
উঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
(ঙ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক?
উঃ অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক হৈছে আহােমসকল।
(ক) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উঃ অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে প্রধানকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী মিচিং, বড়াে, তিৱা, কাৰ্বি আদি অনার্য জাতিবােৰক বুজায়।
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।
(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােকে ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উঃ চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওঁতাল, কুর্মি,
মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি। ওেঁলােকে বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে – পৰাথা, পােলাও, কোর্মা-কোপ্তা, কেক- বিস্কুট, ৰুটি, ৰসগােল্লা, লালমােহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ,ইডলি।
৩। অসমৰ পুৰণি সাহিত্যৰ সমলৰােৰ কি কি?
উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছেঅলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত সাহিত্য আৰু ডাকৰ বচন আদি।
(ক) অতীতত অসমৰ আন এটা নাম কি আছিল ?
উঃ অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।
(খ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মান ৰজা আৰু ব্রিটিছৰ মাজত হৈছিল।
(গ) পূব পাকিস্তান বর্তমান কি নামেৰে জনাজাত?
উঃ পূব পাকিস্তান বর্তমান বাংলাদেশ নামেৰে জনাজাত।
(ঘ) পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই কেনে স্থান লাভ কৰিছিল ?
উঃ পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই বিশেষ স্থান লাভ কৰিছিল।
(ঙ) অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা কি কি?
উঃ অসমত আদিৰে পৰা প্ৰচলিত ধর্ম দুটা হৈছে হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ ধর্ম।
(চ) অসমলৈ অহা প্রথম বহিৰাগত কোন?
উঃ অসমলৈ অহা প্রথম বহিৰাগত হৈছে মংগােলীয়সকল।
(ছ) মুছলমানসকল অসমলৈ কেতিয়া আহে?
উঃ মুছলমানসকল কুৰি শতিকাৰ চতুর্থ দশকত অসমলৈ আহিছিল।
(ক) মংগােলীয় গােষ্ঠীৰ লােকসকল ক’ৰ পৰা অসমলৈ আহিছিল ?
উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।
(খ) বর্তমান আৰুণাচলৰ কোনকেইটা জনগােষ্ঠী প্রাচীন অসমৰ অন্তর্ভুক্ত আছিল?
উঃ বর্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীসমূহ প্রাচীন অসমৰ অন্তর্ভুক্ত আছিল।
(গ) ব্রিটিছে অসম এৰি যােৱাৰ পাছত তেওঁলােকে অনা কি কি বস্তু অসমত ৰৈ গ’ল বুলি পাঠত উল্লেখ আছে?
উঃ ব্রিটিছে অসম এৰি যােৱাৰ পাছতাে তেওঁলােকে অনা বা প্রতিষ্ঠা কৰা চাহ উদ্যোগ, ৰেলগাড়ী, প্লেন অসমত ৰৈ গ’ল বুলি পাঠত উল্লেখ আছে। (ঘ) মঙ্গোলীয় জাতিৰ মানুহবােৰে কেতিয়া ক’ৰ পৰা অসমলৈ আহিছিল?
ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখক হেম বৰুৱা।
উঃ মঙ্গোলীয় জাতিৰ মানুহবোেৰ ত্রয়ােদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।
(ঙ) ডাকৰ বচন বুলিলে কি বুজা ?
উঃ অসমৰ কিংবদন্তী পুৰুষ ডাকৰ মুখৰ পৰা ওলােৱা কেতবােৰ বাণীয়েই হৈছে ডাকৰ বচন। এইবােৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা আৰু সৰহভাগেই খেতি বাতি বিষয়ক।
(চ) কোনে প্রথমতে অসমত মৰাপাট খেতিৰ বহুল প্রচাৰ কৰিছিল?
উঃ মৈমনসিংহ আদি পূর্ববংগৰ ঠাইৰ পৰা অহা মুছলমান লােকসকলে অসমত মৰাপাট খেতিৰ বহুল প্রচাৰ কৰিছিল।