📖📖 সাধাৰণ জ্ঞান 📖📖
১) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?
উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।
২) প্ৰশ্ন : অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা।
৩) প্ৰশ্ন : অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ।
৪) প্ৰশ্ন : অসমৰ প্ৰধান ভাষা কি কি?
উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।
৫) প্ৰশ্ন : অসমত তেল শোধনাগাৰ কেইটা আছে?
উত্তৰ : চাৰিটা। যথাক্ৰমে – ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাওঁ।
৬) প্ৰশ্ন : অসমৰ প্ৰথম কথাছবিৰ নাম কি?
উত্তৰ : জয়মতী।
৭) প্ৰশ্ন : অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি?
উত্তৰ : টাইমচ্ অৱ অসম।
৮) প্ৰশ্ন : সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?
উত্তৰ : বনফুল।
৯) প্ৰশ্ন : অসমত প্ৰথম চিনেমা ষ্টুডিঅ’ ক’ত আৰু তাৰ নাম কি?
উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত, নাম জ্যোতি চিত্ৰবন।
১০) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
১১) প্ৰশ্ন : অসমত প্ৰথম তৰাগৃহ (প্লেনেটৰিয়াম) ক’ত আছে?
উত্তৰ : গুৱাহাটী হাই ক’ৰ্টৰ ওচৰত।
১২) প্ৰশ্ন : অসমৰ উপন্যাস সম্ৰাট কোন?
উত্তৰ : ৰজনীকান্ত বৰদলৈ।
১৩) প্ৰশ্ন : অসমৰ কলাগুৰু কাক কোৱা হয়?
উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।
১৪) প্ৰশ্ন : অসমৰ বিপ্লৱী কবিজন কোন?
উত্তৰ : প্ৰসন্নলাল চৌধুৰী।
১৫) প্ৰশ্ন : দেশভক্ত কোন আছিল?
উত্তৰ : তৰুণৰাম ফুকন।
১৬) প্ৰশ্ন : অসমৰ গৌৰৱ কোন?
উত্তৰ : হেম বৰুৱা।
১৭) প্ৰশ্ন : অসমৰ অগ্নিকবি কোন?
উত্তৰ : কমলাকান্ত ভট্টাচাৰ্য।
১৮) প্ৰশ্ন : অসম কেশৰী কোন?
উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।
১৯) প্ৰশ্ন : অসমৰ সংগীত সূৰ্য কোন আছিল?
উত্তৰ : ড° ভূপেন হাজৰিকা।
২০) প্ৰশ্ন : অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।
২১) প্ৰশ্ন : বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ।
২২) প্ৰশ্ন : শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল?
উত্তৰ : হাফলং।
২৩) প্ৰশ্ন : অসমীয়া বিহু নৃত্যুক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?
উত্তৰ : ৰাধা গোবিন্দ বৰুৱা।
২৪) প্ৰশ্ন : অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক’ত হৈছিল?
উত্তৰ : গুৱাহাটীৰ কটন কলেজত (১৯৬৫ চনত)।
২৫) প্ৰশ্ন : গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?
উত্তৰ : কেলভিন।
২৬) প্ৰশ্ন : প্ৰাপ্তবসস্কৰ বাবে অসমীয়া প্ৰথম চিনেমা খনৰ নাম কি?
উত্তৰ : মৰীচিকা।
২৭) প্ৰশ্ন : অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?
উত্তৰ : আনন্দৰাম বৰুৱা।
২৮) প্ৰশ্ন : অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : বিষ্ণুৰাম মেধি।
২৯) প্ৰশ্ন : অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
৩০) প্ৰশ্ন : অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?
উত্তৰ : সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি।
৩১) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল?
উত্তৰ : সুধালতা দাস।
৩২) প্ৰশ্ন : অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল?
উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।
৩৩) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা আই এ এছ কোন?
উত্তৰ : পাৰুল দাস।
৩৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।
৩৫) প্ৰশ্ন : অসমৰ সহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰ : নলিনীবালা দেৱী।
৩৬) প্ৰশ্ন : অসমৰ কোন জন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰে?
উত্তৰ : ড° সূৰ্যকুমাৰ ভূঞা।
৩৭) প্ৰশ্ন : অসমত সংস্কৃত মহাবিদ্যালয় ক’ত ক’ত আছে?
উত্তৰ : গুৱাহাটী আৰু নলবাৰী।
৩৮) প্ৰশ্ন : অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক’ত আছে?
উত্তৰ : ৰঙিয়াত।
৩৯) প্ৰশ্ন : অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ ক’ত আছে?
উত্তৰ : চাবুৱাত।
৪০) প্ৰশ্ন : অসমত মানসিক ৰোগৰ চিকিৎসালয় ক’ত আছে?
উত্তৰ : তেজপুৰত।
৪১) প্ৰশ্ন : অসমত সৈনিক স্কুল ক’ত আছে?
উত্তৰ : গোৱালপাৰাত।
৪২) প্ৰশ্ন : অসমত অন্ধৰ বাবে বিদ্যালয় ক’ত ক’ত আছে?
উত্তৰ : গুৱাহাটী, নগাওঁ, ডিব্ৰুগড়।
৪৩) প্ৰশ্ন : অসমত কলা-বোৱাৰ বাবে বিদ্যালয় ক’ত আছে?
উত্তৰ : গুৱাহাটী কাহিলীপাৰাত।
৪৪) প্ৰশ্ন : অসমত ফৰেষ্ট বিদ্যালয় ক’ত আছে?
উত্তৰ : গুৱাহাটী জালুকবাৰীত।
৪৫) প্ৰশ্ন : অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক’ত আছে?
উত্তৰ : নামৰুপ আৰু বঙাইগাওঁ।
৪৬) প্ৰশ্ন : অসমত ৰাসায়নিক সাৰ কাৰখানা ক’ত আছে?
উত্তৰ : নামৰুপত।
৪৭) প্ৰশ্ন : অসমত চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ : বোকাজানত।
৪৮) প্ৰশ্ন : ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান?
উত্তৰ : ৩,১২,০৫,৫৭৬ জন।
৪৯) প্ৰশ্ন : অসমত কাগজৰ কল ক’ত আছে?
উত্তৰ : জাগীৰোড, পাঁচগ্ৰাম।
৫০) প্ৰশ্ন : অসমত মৰাপাটৰ কল ক’ত আছে?
উত্তৰ : শিলঘাটত।
৫১) প্ৰশ্ন : অসমীয়াত প্ৰথম ৰঙীণ কথাছবি খনৰ নাম কি?