১) প্রথম অসমীয়া উপন্যাস – পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী” ।
২) ইংৰাজীৰ পৰা অসমীয়ালৈ অনূদিত প্রথম উপন্যাস -“যাত্রিকৰ যাত্রা” ( Pilgrim’s Progress)
৩) অসমীয়া ভাষাৰ প্রথম গদ্য ৰচনা – ভট্টদেৱৰ “কথা -গীতা”।
৪) অসমীয় ভাষাৰ প্রথম চুটি গল্পৰ লেখক – লক্ষ্মীনাথ বেজবৰুৱা ।
৫) জন-জাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” ।
৬) প্রথম অসমীয়া ‘চনেট’ পুথি – হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ ।
৭) প্রথম অসমীয়া ‘চনেট’-হেমচন্দ্র গোস্বামীৰ “প্রিয়তমাৰ চিঠি”।
৮) সাহিত্য একাডেমী পুৰস্কাৰপ্রাপ্ত অসমীয়া উপন্যাস- ড` বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ “ইয়াৰুঈঙ্গম”।
৯) প্রথম অসমীয়া পত্র উপন্যাস -বিষ্ণু কিংকৰ কলিতাৰ “চিন্তা”।
১০) কথাছবিৰ ৰূপ পোৱা প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ “মনোমতী”।
১১) প্রথম অসমীয়া যথার্থ ঐতিহাসিক উপন্যাস- লক্ষ্মীনাথ বেজবৰুৱাৰ – “পদুম কুঁৱৰী”।
১২) অসমীয়া ভাষাৰ প্রথম কবিতা পুথি – হেমসৰস্বতীৰ “প্রহ্লাদ চৰিত” ।
১৩) প্রথম অসমীয়া কথা-কবি- যতীন্দ্রনাথ দুৱৰা ।
১৪) সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া কবিতা পুথি – যতীন্দ্রনাথ দুৱৰাৰ “বনফুল”।
১৫) প্রথম অসমীয়া শিশু উপন্যাস – “পাতালপুৰী”(হৰগোবিন্দ শর্মা)
১৬) অসমীয়া ভাষাত প্রথম প্রকাশিত ভ্রমণ কাহিনী-ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ-“ছুইজাৰলেণ্ড ভ্রমণ”।
১৭) ”জ্ঞানপীঠ”পুৰস্কাৰপ্রাপ্ত প্রথম অসমীয়া উপন্যাস- ডঃ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ-“মৃত্যুঞ্জয়” ।
১৮) হিন্দীলৈ অনূদিত প্রথম অসমীয়া শিশু উপন্যাস- প্রেমনাৰায়ণ দত্তৰ “পোহৰৰ বাটত” হিন্দী সংস্কৰণ- “ৰৌচনী কি ৰাহ মেঁ ” ।
১৯) প্রথম অসমীয়া আধুনিক জীৱন চৰিত-গুণাভিৰাম বৰুৱাৰ ” আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত” ।
২০) অসমীয়া ভাষাৰ ব্যাকৰণ- ৰবিনচন চাহাবৰ- “A Grammar of Assamese Language ”
২১) অসমীয়া আধুনিক গীতৰ প্রথম পুথি – সত্যনাথ বৰাৰ ” গীতাৱলী” ।
২২) অসমীয়া সাহত্যত অমিত্রাক্ষৰ ছন্দৰ প্রৱর্তক – ৰমাকান্ত চৌধুৰী।
২৩) অসমীয়া ভাষাৰ প্রথম সাধুকথাৰ পুথি-এলিজা ব্রাউনৰ “সাধুৰ পুথি” ।
২৪) প্রথম অসমীয়া মহিলা লেখিকা- পদ্মাৱতী দেৱী ফুকননী ।” সুধর্মাৰ উপাখ্যান” ।
২৫) প্রথম অসমীয়া ক্রীড়া আলোচনী- অভিৰুচি, ১ ম প্রকাশ ১৯৭৮চন।
২৬) প্রথম অসমীয়া মহিলা আলোচনী- ঘৰ জেউতী, ১ম প্রকাশ, ১৯২৮চন।
২৭) জ্ঞানপীঠ বঁটা লাভ কৰা প্রথম অসমীয়া মহিলা লেখিকা – মানণি ৰয়চম গোস্বামী।
২৮) চাহ-বাগিছাৰ পটভূমিত ৰচিত প্রথম অসমীয়া উপন্যাস – “সেউজী পাতৰ কাহিনী” ৰাস্না বৰুৱাৰ ৰচিত।
২৯) বৈষ্ণৱ সাহিত্যৰ প্রথম অসমীয়া কবিতা পুথি – হৰিষচন্দ্র উপাখ্যান- শ্রী শ্রী শংকৰদেৱ ৰচিত।