A. অতি চমু প্রশ্নাৱলীঃ মূল্যাংক – ১ নম্বৰকৈ
১। ‘মোমিনৰ’ অর্থ কি?
উত্তৰঃ ‘মোমিনৰ’ অর্থ হ’ল বিশ্বাসী মুছলমান ।
B.চমু প্রশ্নাৱলীঃ মূল্যাংকন ২/৩ নম্বৰকৈ ।
১। চমুটোকা লিখাঃ আজান ফকিৰ
উত্তৰঃ আজান ফকিৰঃ জিকিৰৰ সৰহভাগেই “আজান ফকিৰ” বুলি বিখ্যাত শ্বাহ মিলন নামৰ এগৰাকী ইছলামধর্মী সাধু পুরুষৰ দ্বাৰা ৰচিত । এওঁ অসমলৈ আহে কোনোৰমতে আজমীৰৰ পৰা আরু কোনোৰে মতে আৰৱ দেশৰ পৰা । এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান কৰা হয়- ১৬৩৪ খ্রীষ্টাব্দ আরু ১৭৩৪ খ্রীষ্টাব্দ । ড০ সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে গদাধৰ সিংহৰ দিনৰ রূপাই দা ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকিৰৰ চকু কাঢ়ে । গদাধৰ সিংহৰ ৰাজত্ব কাল ১৬৮১ – ১৬৯৬ চন । সেয়ে, জিকিৰৰ তাৰিখ সঠিকভাৱে কোৱা টান । সাধাৰণ লোকৰ বিশ্বাস অনুসৰি জিকিৰসমূহ আজান ফকিৰৰ দ্বাৰা ৰচিৰ । আহোম ৰজাই রূপাই দা ধৰাৰ কথা শুনি তেওঁৰ চকু কঢ়ায় । কিন্তু পাছত তেওঁৰ ধর্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌ মুখৰ শৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয় । তাতেই চাহাবৰ মৃত্যু হয় । অসমৰ বৈষ্ণৱ ধর্মৰ লগত আজান ফকিৰ চাহাবৰ প্রবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আরু লোকগীতৰ প্রতি ধ্বনি শুনা যায় ।
অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলীঃ-
A. অতি চমু প্রশ্নাৱলী (মূল্যাংকন ১ নম্বৰকৈ)
১। আজান ফকিৰৰ প্রকৃত নাম কি আছিল ?
উত্তৰঃ আজান ফকিৰৰ প্রকৃত নাম হ’ল- শ্বাহ মিলন ।
২। ‘জিকিৰ গীত’ কোন ধৰ্মাৱলম্বীৰ মাজত প্রচলিত?
উত্তৰঃ ‘জিকিৰ গীত’ মুছলমান ধৰ্মাৱলম্বীৰ লোকৰ মাজত প্রচলিত ।
৩। জিকিৰত উল্লেখ থকা ‘আদম’ কোন?
উত্তৰঃ জিকিৰত উল্লেখ থকা ‘আদম’ হ’ল আদিম মানুহ, আল্লাৰ সৃষ্ট প্রথম মানৱ ।
৪। জিকিৰত প্রধানকৈ কিহৰ ওপৰত গুরুত্ব দিয়া হৈছে?
উত্তৰঃ জিকিৰত প্রধানকৈ ধর্ম অর্থাৎ আল্লাৰ বা ঈশ্বৰৰ ওপৰত গুরুত্ব দিয়া হৈছে ।
৫। মক্ক কি?
উত্তৰঃ মক্ক হ’ল ইছলাম ধৰ্মাৱলী লোকৰ পবিত্র তীর্থস্থান ।
৬। ‘আজান ফকিৰ’ক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰঃ ‘আজান ফকিৰ’ক আজান পীৰৰ বুলি আখ্যা দিয়া হয় ।
৭। ‘জিকিৰ গীত’ জনপ্রিয় হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ জিকিৰ গীতবোৰে জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে সকলোৱে গাব পাৰিছিল বাবে গীতবোৰ জনপ্রিয় হৈ পৰিছিল ।
৮। ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে ?
উত্তৰঃ ‘ৰহমত গিৰিহঁত’ শব্দ দুটাই হিন্দু আরু মুছলমানক বুজাইছে ।
৯। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
উত্তৰঃ মক্কাৰ দুৱাৰত তিৰ্বেণী ঘাটৰ কথা কোৱা হৈছে ।
১০। তিৰ্বেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে ?
উত্তৰঃ তিৰ্বেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে ।
১১। শব্দার্থ লিখাঃ
উত্তৰঃ ৰহম – দয়া । দৰিয়া – সাগৰ, নদী । সঞ্চাৰ – চলা, সিঁচা । তিৰবেনী – গঙ্গা, যমুনা আরু সৰস্বতীৰ সংগম স্থল, পবিত্র ঠাই ত্রিবেনী । আচমান – আকাশ । কুটুব – ধ্রুৱ নক্ষত্র । ভেল – দেহ, শৰীৰ । ভজো – ভজন কৰা । খোদা – ঈশ্বৰ । দৰিকা – এবিধ মাছ । পাৱত – চৰণত, ভৰিত । বেহাব – বেপাৰ কৰিব । অগ্নি – জুই । মইনা – এবিধ চৰাই ।
B.চমু প্রশ্নাৱলী (মূল্যাংক ২/৩ নম্বৰকৈ)
১। জিকিৰ বোৰক কি গীত বুলি ক’ব পাৰি ?
উত্তৰঃ জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । এই শব্দটো ‘জিক্ৰ্’ শব্দৰ পৰা ওলাইছে । ‘জিকিৰ’ শব্দৰ মূল অর্থ স্মৰণ কৰা, উল্লেখ কৰা, আল্লাৰ নাম, গুণ বা প্রশংসাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা । সেয়ে মুছলমানসকলৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি । এই অর্থত ইয়াক ইছলামসকলৰ ভকতীয়া গীত বুলিও ক’ব পাৰি । ইছলাম ধর্মৰ মূল তত্ত্ববৰ এই গীতৰ মাজত নিহিত হৈ আছে ।
২। ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।’ – এইফাঁকি কথাৰ ‘ৰছুল’ আরু ‘মোমিন’ শব্দ দুটাৰ অর্থ লিখা ।
উত্তৰঃ প্রশ্নত উল্লেখ কৰা ‘ৰছুল’ শব্দৰ অর্থ হ’ল- দেৱদূত, ঈশ্বৰ প্রেৰিত পুরুষ, আল্লাৰ দূত আরু ‘মোমিন’ শব্দৰ অর্থ হ’ল- বিশ্বাসী মুছলমান ।
অতি চমু প্রশ্নঃ
১। জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি?
উত্তৰঃ ইছলাম ধর্মীয় নীতি আরু তত্ত্বই জিকিৰসমূহৰ অন্তর্নিহিত বিষয় । লগতে, ভালেমান জিকিৰত সংসাৰৰ অনিত্যতাৰ বর্ণনা দাঙি ধৰা হৈছে ।
২। জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?
উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায় ।
৩। জাৰি গীতত কিহৰ ঘটনা বর্ণিত হৈছে?
‘জাৰি’ শব্দৰ প্রকৃত অর্থ কি?
উত্তৰঃ জাৰিসমূহ মূলতঃ করুণ ৰসাত্মক গীত । ইয়াৰ মূল অর্থ হৈছে- বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে ।
৪। জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্রবেশ কৰিছে ?
উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আরু ফাৰ্চীমূলীয় শব্দৰ প্রৱেশ ঘটিছে ।
৫। কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?
উত্তৰঃ রূপাই দা ধৰাই আজান ফকিৰৰ চকু কাঢ়িছিল ।
চমু উত্তৰ দিয়াঃ ২/৩ নম্বৰকৈ
১। চুফীবাদ কি?
উত্তৰঃ চুফীবাদ বা ৰহস্যবাদ পৰমার্থ বিষয়ক জ্ঞান আরু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা । ইছলাম ধর্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্রেমৰ মাধ্যমেদি মুক্তি লাভ সম্ভৱ বুলি ইয়াত বিশ্বাস কৰা হৈছে ।
২। চুফী শব্দতোৰ উৎপত্তি সম্পর্কত কি কি মত পোৱা যায় ?
উত্তৰঃ ‘চুফী’ শব্দৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায় । সেয়া হৈছে- (ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা ‘চুফী’ শব্দৰ উৎপত্তি হৈছে । (খ) ফাৰ্চী ভাষাত বগা উলক ‘সুফ’ বোলে । গতিকে যিসকলে নিজকে পাৰ্থিৱ অপবিত্রতাৰ পৰা নিজকে মুক্ত কৰিছে, তেওঁৱেই চুফী । (গ) আন এটা মত অনুসৰি, যিয়ে ভোগবিলাস পৰিহাৰ কৰি সহজ-সৰল জীৱন-যাপন কৰিছে, সেয়ে চুফী ।
৩। চুফীকাব্যৰ মূল প্রেৰণা কি?
উত্তৰঃ ভাৰতীয় প্রেমভক্তিৰ চুফীবাদৰ আধ্যাত্মিকতা আরু নৈতিকতাৰ প্রভাব পৰিছে । গজল গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্রভাৱিত কৰিছিল । পিছত, হিন্দু আরু মুছলমান উৎস কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে ।
৪। চুফী প্রেম কেনেধৰণৰ ?
উত্তৰঃ চুফীসকলৰ প্রেম একনিষ্ঠ । তেওঁলোকে জগতৰ প্রতি অণু-পৰমাণুৰ মাজতো প্রিয়তমাৰ সুখৰ সোন্দৰ্য উপলব্ধি কৰে ।
৫। চুফীসকলে কোনটো দিশৰ ওপৰত অধিক গুরুত্ব দিয়ে?
উত্তৰঃ চুফীসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও ৰহস্যবাদী দিশটোৰ ওপৰতহে অধিক গুরুত্ব আৰোপ কৰা দেখা যায় ।
৬। চুফীসকলৰ প্রতীক প্রয়োগৰ গুরুত্ব কোনখিনিত ?
উত্তৰঃ চুফীসকলে পৰআত্মাৰ সৈতে আমাৰ আকুল কামনাক বিবিধ উপমা প্রতীক আদিৰ জৰিয়তে সুন্দৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুরুত্ব দিয়া দেখা যায় ।
৭। চুফী সাহিত্যৰ প্রকৃতি কেনেধৰণৰ ?
উত্তৰঃ চুফী সাহিত্য প্রেমৰ সাহিত্য; নাৰী সৌন্দৰ্যই এনে প্রেমৰ ঘাই আধাৰ । চুফী সাহিত্যত সংসাৰখনক মদিৰালয় আরু মদিৰাক প্রেমৰ সৈতে তুলনা কৰা হৈছে । পাৰ্থিৱ প্রেমৰ মাজেদি অপাৰ্থিৱ প্রেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয় ।
৮। অসমত কোনে ইছলাম ধর্ম প্রচাৰ কৰে?
উত্তৰঃ আজানপীৰ চাহাবেই অসমত ইছলাম ধর্মৰ প্রথম প্রৱৰ্তক । অৱশ্যে তেওঁৰ ধর্মত কোৰান প্রভাৱতকৈ পুৰাণৰ প্রভাৱ অধিক । অসমৰ পৰম্পৰাগত লোকগীতৰ আধাৰতেই তেওঁৰ জিকিৰসমূহ ৰচনা কৰি উলিয়াইছে ।
৯। জিকিৰবোৰ কি কি থলুৱা উপাদান নিহিত হৈ আছে ?
উত্তৰঃ আজানপীৰে শংকৰদেৱৰ দ্বাৰা প্রচাৰিত নৱবৈষ্ণৱ ভক্তিধর্মৰ প্রভাৱৰ পৰা মুক্ত, থলুৱা লোকসকলক ইছলাম ধর্মত সামৰি ল’বৰ কাৰণে চেষ্টা কৰিছিল যদিও তেওঁ পাৰিপাৰ্শ্বিকতাৰ পৰা
সম্পূর্ণ মুক্ত হ’ব পৰা নাছিল । সেয়েহে, হিন্দু ধর্মৰ থলুৱা আচাৰ নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ আৰ্হিত ইছলাম ধর্মৰ কেতবোৰ নীতি-নিয়ম সন্নিবিষ্ট কৰি জিকিৰ নামৰ এক শ্রেণীৰ গীত ৰচনা কৰিছিল ।
১০। অসমৰ সাংস্কৃতিক জীৱনত জিকিৰসমূহৰ গুরুত্ব কেনেধৰণৰ ?
উত্তৰঃ অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আরু জাৰিসমূহৰ গুরুত্ব সর্বাধিক । হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায় ।
১১। আজান পীৰৰ পৰিচয় দিয়া । উত্তৰঃ আজান পীৰৰ আচল নাম হ’ল শ্বাহ মিলন আরু তেওঁ সুদূৰ বাগদাদৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আরু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ সৰাগুৰি চাপৰিত আশ্রয় দিয়া হয় ।
১২। জিকিৰসমূহত কি কি গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় ?
উত্তৰঃ জিকিৰসমূহৰ সৈতে বৈষ্ণৱ ধর্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায় । অনেক জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায় । দুই এটি গীতত দেহ বিচাৰৰ গীত আরু টোকাৰী গীতৰ প্রতিধ্বনি শুনিবলৈ পোৱা যায় । উদাহৰণস্বরূপে- দুনিয়াই এদিনৰ দুনিয়াই দুদিনৰ দুনিয়াই ফলনিবাৰী কত যে চলে বলে কৰ তই দুনিয়াই ধৰিবি খেৱালী সাৰি ।
৩। জিকিৰৰ ৰচনা আরু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায় ?
ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?
উত্তৰঃ জিকিৰসমূহ ৰচনা আরু তাৰ গায়ন পদ্ধতিৰ সৈতে নাম কীৰ্তন পৰিৱেশৰ সাদৃশ্য দেখা যায় । জিকিৰবোৰ যেনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নাম কীৰ্তনৰ প্রভাৱত পৰা গ্রহণ কৰা যেন অনুমান হয় । জিকিৰতো ঠায়ে ঠায়ে কালিমা আরু নামৰ মহিমা ঘোষিত হৈছে ।
১৪। জিকিৰত নামৰ গুরুত্ব কেনেধৰণৰ ?
উত্তৰঃ মহাপুরুষীয়া ধর্মত নামৰ ওপৰত অধিক গুরুত্ব দিয়া হৈছে । জিকিৰতো নামৰ গুরুত্ব মন কৰিবলগীয়া । জীৱৰ সাৰথি নাম ঐ আল্লা জীৱৰ সাৰথি নাম সদগুরুক ভেটিবা আল্লাক চিনিবা তেহে পাবা ভকতিত মান ।