হৃদয় এক বিজ্ঞাপন
বন্ধ লিফ্টৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ। আজিও হৈছে। সো-সোৱাই লিফ্টখন ওপৰলৈ উঠি গৈছে। তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ ৰঙা আখৰবোৰ জ্বলিছে, নুমাইছে তিনি, চাৰি, পাঁচ…. ছয় নম্বৰত লিফ্টখন সামান্য থমকি ৰ’ল। এজন হটঙা ছুট-টাই পৰিহিত পাঞ্জাৱী মানুহ উঠিল। নিশ্চয় এই বিল্ডিঙতেই কাম কৰে। আঠ নম্বৰত লিফ্টখন ৰ’লত তাই ওলাই আহিল। পিছে পিছে মানুহজনো। বিশাল কৰিড’ৰ। মাৰ্বল টাইলছৰ। কৰিড’ৰৰ দুয়ো কাষৰ ৰূমবোৰ বন্ধ। বন্ধ দুৱাৰত একোখনকৈ নেম-প্লেট। তাই ইফালে সিফালে বিমোৰ হৈ চালে। তাইৰ সৈতে লিফ্টত অহা মানুহজন সোঁফালৰ কৰিড’ৰেদি খৰ খোজেৰে গৈছে। তাই পিছফালৰ পৰা মাত লগালে, ‘এস্কিউজ মি’। সৰুকৈয়ে মাতিছিল, কিন্তু দেৱালবোৰত তাইৰ মাতটো এনেকৈ প্ৰতিধ্বনিত হ’ল যে, তায়ে অস্বস্তিত ইফালে-সিফালে চালে। মানুহজনে পিছলৈ চালে। তাই প্ৰায় দৌৰি যোৱাৰদিহে গৈ সুধিলে ‘এঙ্কন ক্রিয়েটিভ কোনফালে জানেনে?’ ‘এই আঠ নম্বৰ ফ্ল’ৰতে আছে’। – যথাসম্ভৱ সৰু মাতেৰে মানুহজনে তাইক বিপৰীত ফালৰ কৰিড’ৰটোৱেদি ঘূৰি শেষৰ দুৱাৰখনৰ ফালে যাবলৈ ক’লে। ধন্যবাদ দিয়েই তাই আকৌ দৌৰিবলৈ ধৰিলে। ঘড়ীটোলৈ চালে। বাৰটালৈ তিনি মিনিট বাকী। তাইক সময় দিয়া হৈছিল ‘এঘাৰটা পঞ্চলিছ’। প্ৰথমদিনাই তাই ‘টাইম ফেইল’ কৰিছে। নাকত-কপালত ভাস্বতীৰ বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। বন্ধ দুৱাৰবোৰ পঢ়ি গ’ল – জে. কে. ফিনান্স ক’ম্পেনি…. ড’ৰা ড’ৰা, গেঞ্জী-জাঙ্গিয়া টি-ভি-ত দিয়া এড্ডাৰটাইজটোলৈ তাইৰ মনত পৰিল। তিতাগড় টি ক’ম্পেনি…. এস্কন ক্রিয়েটিভ ক’লাৰ ওপৰত অল্ড ইংলিছ টাইপ আখৰৰ ‘লেমিনেট’ কৰা নেম-প্লেট। এটা অপৰাধবোধেৰে ছুইংড’ৰখন তাই ভিতৰলৈ ঠেলিলে। তাইক ইণ্টাৰভিউ দিবলৈ ঠিক মতা হোৱা নাই;
কিন্তু ইয়াত কাম কৰা বিষয়ত কথা পাতিবলৈ তাইক মতা হৈছে। ঘড়ীটোত পুৰা বাৰটা বাজিবলৈ আধা মিনিটমান বাকী।
এটা মজলীয়া আকাৰৰ কোঠা। দেৱালত বগা প্লাষ্টিক পেইণ্ট। সেউজ দূৱৰিৰ দৰে কাৰ্পেট। দুখন কোমল হালধীয়া ৰঙৰ প্ৰশস্ত ছোফা। পিতলৰ টেবুলত সতেজ গছ, দুখনমান পেইন্টিং, কোণৰ এখন ব’ৰ্ডত কিছুসংখ্যক বিজ্ঞাপনৰ ফটো। এখন টেবুল, ৰিভলভিং চেয়াৰ কিন্তু কোনো নাই। কোঠালিটোত জীৱৰ অস্তিত্ব লৈ তায়ে থিয় হৈ আছে। ভাস্বতীৰ এখন ‘ষ্টীল লাইফ’ পেইন্টিং চোৱাৰ দৰে লাগিছে কোঠালিটো। কি কৰিব? কাক মাতিব? কোঠালিটোত এখন বন্ধ দুৱাৰ দেখিছে তাই। কিন্তু সেইখন খুলি সোমাই যোৱাটো জানো ভদ্ৰোচিত কথা হ’ব! এনেতে ৰিচেপশ্যন টেবুলৰ ফোনটো বাজি উঠিল। ৰক্ষা তেঁও, ভাস্বতীয়ে ভাবিলে। বন্ধ দুৱাৰখন খুলি ভিতৰৰ পৰা নীলা স্কাৰ্ট আৰু বগা লেচৰ কাম কৰা ‘টপ’ পৰিহিতা এজনী ছটফটীয়া ছোৱালী ওলাই আহিল। ইতিমধ্যে ফোনৰ শব্দও নাই। ইণ্টাৰ-কানেকশ্যন, ভিতৰত কোনোবাই তুলিছে চাগৈ। ছোৱালীজনীয়ে তাইৰ ফালে চোৱাৰ লগে লগে ভাস্বতীয়ে ক’লে- ‘আই এম ভাস্বতী, ভাস্বতী চলিহা আই হেভ’আ….’ ছোৱালীজনীয়ে তাইৰ মুখৰ ওপৰতে ধৰি ক’লে। ‘ইয়েছ, ইয়েছ, মিঃ বাৰ্মা হেজ গান আউট ৰাইট নাও ছুন হি উইল বি বেক প্লিজ বেট ফৰ আ হোৱাইল’ তাই যি ভাবিছিল সেইটোকে হ’ল। তাই ছোফা এখনতে বহিল। ছোৱালীজনীয়ে তাইক বহুৱাই থৈ আকৌ ভিতৰলৈ সোমাই গ’ল। প্রয়াগে ঠিকেই কয়, ‘প্ৰাইভেট ক’ম্পেনিত কাম কৰিলে বুজি পাবা, আমি কিয় ঘড়ীৰ কাঁটা দেখুৱাই এক ছেকেণ্ড-দুই ছেকেণ্ডবোৰো গুৰুত্ব দিওঁ। আমাৰ মানুহে ইংৰাজৰ ‘খুন’ শব্দ শিকিলে এই সময়জ্ঞান আৰু পৰিশ্ৰমৰ বাহিৰে। অপেক্ষা কৰাৰ বাহিৰে এতিয়া আৰু ভাস্বতীৰ একো উপায় নাই।
কি অস্বস্তি, নিসাৰ কোঠালি এটাত বহি অপেক্ষা কৰিবলৈ। ভাস্বতীয়ে ‘এঙ্কন ক্রিয়েটিভ’-এ কৰা বিজ্ঞাপনৰ কামবোৰ চাবলৈ লাগিল কোণীয়াকৈ সজাই থোৱা ব’ৰ্ডখনত। হেয়াৰ ভিটালাইজাৰ, লিপষ্টিক, নেইল পলিছ – ব্ৰা-পেণ্টী পৰিহিতা ৰমণী আটাইকেইটা সৰ্বভাৰতীয় খ্যাতনামা কোম্পানিৰ বিজ্ঞাপন। তাইৰ এটা ঠাইত চকু ৰৈ গ’ল। ‘হোৱাইট হৰ্ছ’ ছাৰ্টৰ বিজ্ঞাপন। সমুদ্ৰৰ জলাশয়ত আধা ডুবি থকা এগৰাকী যুৱতী। তাই পিন্ধি থকা ‘হোৱাইট হৰ্ছ’ৰ ছাৰ্টটো তিতি শৰীৰত লিপি খাই আছে। সমুখৰ বুতাম এটাৰ বাদে আটাইকেইটাই খোলা। পানীৰ পৰা ওলাই থকা নগ্ন উৰুত এটা কেপচন ‘ফৰ এক্সিকিউটিভ মেন’। তাৰ তলত আৰু এশাৰী বাক্য ‘অলৱেজ হট এণ্ড ফ্ৰেছ’। পুৰুষৰ ছাৰ্টৰ বিজ্ঞাপন নগ্ন নাৰীৰ শৰীৰত! তাই চকু ঘুৰাই আনিলে। বেৰত থকা পেইন্টিং কেইখনৰ ওচৰলৈ উঠি গ’ল। যামিনী ৰায়, পিকাছো আৰু লিঅ’নাৰ্ডোৰ ‘মনালিছা’। আটাইকেইখন ফটো-প্ৰিন্ট। পিতলৰ টাবত থকা গছ কেইজোপা নকল; তাই এতিয়াহে ওচৰৰ পৰা ধৰিব পাৰিলে। সঁচা আৰু মিছাৰ দূৰত্বটো আজিকালি নোহোৱাই হৈছে। ছোৱালীজনী ভিতৰৰ পৰা আকৌ ওলাই আহিল। ‘চাহ খাব? মই দিবলৈ কৈছোঁ। মোৰ বাহিৰত কাম আছে, মই ওলাই যাম, আপুনি কাইলৈ দহ মিনিট অপেক্ষা কৰক’। কৈয়ে তাই বেগৰ পৰা সৰু ‘লুকিং মিৰৰ’ এখন উলিয়াই মুখখন পৰীক্ষা কৰিলে। ওঁঠ দুখন লিপষ্টিকৰ ওপৰতে জিভাৰে সামান্য তিয়াই তাইৰ ফালে হেলনীয়াকৈ চাই হাঁহি এটা মাৰি মিঠা বৰণীয়া মৰম লগা ছোৱালীজনী ওলাই গ’ল। এটা সুবাসে কোঠালিটোৰ বন্ধ দুৱাৰ-খিৰিকি খুন্দিয়াই ঘুৰি ফুৰিল। বোধহয় বিদেশী পাৰফিউম গোন্ধটো ভাস্বতীৰ চিনাকি। তাইৰ খুব ইচ্ছা গ’ল বন্ধ দুৱাৰখন খুলি ভিতৰত কিমান মানুহ আছে চাবলৈ। ইমান নিঃশব্দ! নৈঃশব্দ্যও কেতিয়াবা ইমান বিৰক্তিকৰ হয়!
ভাস্বতীৰ আগতে কোনো ‘এড্ভাৰটাইজিং এজেন্সি’ত কাম কৰাৰ অভিজ্ঞতা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘এন্থ্ৰ’পলজিত এম-এ কৰিছিল। তাৰ পাছত এখন মণ্টেছৰি স্কুলত তিনিশ টকা দৰমহাত আঠ মাহ কাম কৰিছিল। চাকৰি তাই পোৱা নাছিল। কেতিয়াবা উপযুক্ত চাকৰিত তাই উপযুক্ত বুলি বিবেচিত নহৈছিল, কেতিয়াবা তাইৰ উপযুক্ততাৰে চাকৰিটো উপযুক্ত নহয় বুলি তাইক বিবেচিত কৰা হৈছিল। তাৰ পাছতে প্রয়াগৰ সৈতে তাইৰ বিয়া। প্রয়াগ এটা মাল্টিনেচনেল কোম্পানিৰ ‘পাৰ্চনেল অফিচাৰ’। ছয় মাহ অসমত থাকি দিল্লীলৈ তাই আহিল প্রয়াগৰ সৈতে। দিল্লীত মাচ কমিউনিকেশ্যন পঢ়িলে। কবিতা লিখাৰ অভ্যাস আছিল আগৰপৰা। তেতিয়াই অ’ত-ত’ত প্ৰকাশিত কবিতাবোৰৰ এটা সংকলন তাই উলিয়ালে। তাইৰ বান্ধৱী সীমা নায়ৰে দুটামান কবিতা হিন্দীত অনুবাদ কৰি এখন হিন্দী দৈনিকত প্ৰকাশ কৰিছিল। ‘এচিভমেন্ট’ বুলিবলৈ তাইৰ ইমানেই। কাম নকৰিলে সংসাৰ নচলে; এনেকুৱা তাগিদা তাইৰ নাই যদিও তাই সদায় কাম কৰিবলৈ উৎসুক। তাইৰ জ্ঞানসমৃদ্ধ মনে কেৱল উল গাঁথা আৰু পোলাও-বিৰিয়ানী ৰন্ধাৰ কামত আত্ম-নিয়োগ কৰিবলৈ নকয়। বিভিন্ন কাম, বিভিন্ন মানুহ, বিভিন্ন জীৱনৰ অভিজ্ঞতাৰ বাবে বাহিৰৰ পৃথিৱীয়ে বাৰে বাৰে দিয়া আহ্বান তাইৰ উপেক্ষা কৰিবলৈ বৰ কষ্ট হয়। প্রয়াগেও এই ক্ষেত্ৰত সদায় উৎসাহ দেখুৱায়। সদায় কয় ‘কাম কৰা, যিকোনো কৰি ভালপোৱা কাম। যিকোনো কামেই অভিজ্ঞতা কঢ়িয়াই আনে জীৱনলৈ’। প্রয়াগহঁতৰ অফিচৰ এটা ফেমিলি পাৰ্টিত মিঃ সুভাষ বাৰ্মাৰ সৈতে সাক্ষাৎ ভাস্বতীৰ। প্ৰথম কথাষাৰেই সুধিছিল তাইক- ‘কেবল এক্সিকিউটিভ ৰাইফ নে আৰু কিবা?’ প্রয়াগেই কৈ দিছিল তাইৰ কি কি বিষয়ত দক্ষতা আছে। ‘মনোমত কাম এটা বিচাৰিছোঁ। পিছে ইয়াত মোক কোনে কাম থৈছে? দিল্লীতো নাপালোঁ’- ভাস্বতীয়ে কৈছিল। ‘কলকাতালৈ অহাৰ কিমান দিন হ’ল?’ বার্মাই সুধিছিল। ‘তিনিমাহ হৈ গৈছে’। ‘আগতে এড্ এজেন্সিত কাম কৰাৰ অভিজ্ঞতা আছে নেকি?’ তাই মূৰ জোকাৰিছিল সোঁৱে-বাঁৱে। ‘মোৰ ওচৰলৈ আহিবচোন। আমাৰ এড্ এজেন্সিৰ নাম শুনিছে চাগৈ – এঙ্কন ক্রিয়েটিভ। আমাক এগৰাকী ‘পাব্লিক ৰিলেশ্যন অফিচাৰ’ৰ প্ৰয়োজন। আপোনাৰ শিক্ষাগত অৰ্হতাও আছে। তদুপৰি কবিতা-তবিতা লিখা মানুহ যেতিয়া কপি-ৰাইট ভাল কৰিব পাৰিব। আমি বেলেগ কপি-ৰাইটাৰ নাৰাখিলেও হ’ব। এয়া মোৰ কাৰ্ড, ইচ্ছা থাকিলে মোৰ অফিচলৈ আহি কথা পাতিব পাৰে’। তাই কথাবোৰ আকৌ মনত পেলালে। পিছদিনাই তাই মিঃ বাৰ্মাক ফোনেৰে যোগাযোগ কৰিলত আজি সময় দি মাতি পঠিয়ালে। আৰু আহি এই অৱস্থা। হঠাতে তাইৰ প্রয়াগলৈ খং উঠি গ’ল। দিল্লীৰ পৰা কলকাতালৈ অহাৰ মাত্ৰ তিনি মাহহে হৈছে তাইৰ। তাই ইয়াৰ ৰাস্তা-ঘাটৰ তলা-নলা একো ভূ নাপায়। প্রয়াগক ক’লে, তাইক ঠিক ঠাইত নমাই থৈ চাকৰিলৈ যাবলৈ। সি ওলোটাই তাইক জ্ঞান দিয়াতহে লাগিল। “আৰে, ইয়াত চি-আৰ-এভিনিউ বুলি ক’লে যিকোনো টেক্সিবালাই লৈ যাব। বাছ যায়, চান্দনি চৌকলৈকে মেট্ৰোৰে’ল যায়, একো নহয়, অকলেই যাব পাৰিবা। তদুপৰি তোমাক চাৰে দহটাত নমাই থৈ মই অফিচ পামগৈ কেইটাত? বাৰটাত?”
আহিবলৈ ক’বলৈ আত্ম-সম্মানত লাগিছিল। তাই অকলে গুচি আহিছিল। “গুড লাক,” প্রয়াগে পিছফালৰপৰা কৈছিল। তাই উভতিয়ে চোৱা নাছিল।
খকৈ শব্দ এটা হ’ল। ভাস্বতীয়ে দুৱাৰৰ ফালে চাই দেখিলে, মিঃ সুভাষ বৰ্মা সোমাই আহিছে। তাই থিয় হ’ল। সোমায়েই মিঃ বৰ্মাই তাইকহে বাৰে বাৰে ক্ষমা খুজিলে বহুৱাই থোৱা বাবে। ভাস্বতীক তেওঁৰ অফিচ-ৰুমলৈ লৈ গ’ল। দুৱাৰখন খুলিয়েই এটা বিৰাট হল-ঘৰ। প্লাইউডৰ পাৰ্টিশ্বন কৰা আছে। সৰু সৰু কোঠালি। তাই যোৱা দেখি সমুখৰ কোঠালিটোৰ ল’ৰাজনে মূৰ তুলি চালে। টাইপ কৰি থকা ছোৱালীজনীয়ে মূৰ তুলিয়েই নাচালে।
: আচল কথা তোমাৰ অফিচ, তাকে নোকোৱা কিয়?
— তাইৰ মুখখন ফুলিছিল।
: তুমি জানানে, এবাৰ এজনী ছোৱালীয়ে দেউতাকক লগত লৈ ইণ্টাৰভিউ দিবলৈ যোৱা বাবে আমাৰ কোম্পানীত চাকৰি পোৱা নাছিল…
: থোৱা… ভাস্বতীৰ শুনিবলৈ আৰু ধৈৰ্য নাছিল।
: সঁচাকৈয়ে কৈছোঁ। আমাৰ জি-এমে সুধিছিল তাইক, আহোঁতে একো অসুবিধা হোৱা নাইতো? ছোৱালীজনীয়ে গপত ক’লে – “নাই হোৱা, দেউতা আহিছে লগত; বাহিৰত বহি আছে।”
: তোমাৰ জি-এম লুতুৰা স্বভাৱৰ যেন পাইছোঁ। দেউতাক লগত থকা বাবে বেয়া পাই চাকৰি নিদিয়া এটা কাৰণ হ’লনে?
: তোমালোক আজিকালি ফেমিনিষ্ট হৈ গৈছা,তো এনেকৈয়ে ভাবিবা। পিছে নাৰী-স্বাধীনতাৰ বক্তৃতা দিবলৈ মিটিংখনলৈ যাওঁতেও স্বামীয়ে গাড়ীখনেৰে থৈ আহিব লাগিব আকৌ লৈও আহিব লাগিব।
: চুপ কৰা, আচল কথা কোৱা —
তিনি
চকীখনত বহিয়েই মিঃ বৰ্মাই চিগাৰেট এটা জ্বলাব খুজিও নজ্বলালে। তাৰ সলনি ইণ্টাৰকমত চাহ আনিবলৈ কাৰোবাক ক’লে। ভাস্বতীৰ ফালে চাই মিচিকিয়াই সুধিলে —
“কওকচোন আপুনি কি ঠিক কৰিলে?” ক’ব লাগে তেওঁহে, আজিকালি প্ৰাৰ্থীয়ে চাকৰি কৰিবনে নকৰে কোৱাৰ দিন আছে জানো? ভাস্বতীয়ে ভাবিলে। তাই কি ক’ব, মনৰ ভিতৰতে ঠিক কৰি লৈ আৰম্ভ কৰিলে — “চাওক, বিজ্ঞাপন সংস্থাবোৰৰ কামনো কি প্ৰকৃততে, অসমৰ বাহিৰত থকাৰপৰা অলপ-অচৰপ জানো। তাকো সকলোবে জনাতকৈ বেছি নহয়। কাম কৰাৰ মোৰ অভিজ্ঞতা মাত্ৰ এখন মন্টেছৰি স্কুলত। এয়া মোৰ বায়’ডাটা….” বুলি ভাস্বতীয়ে ফাইল এটা মিঃ বৰ্মালৈ আগবঢ়াই দিওঁতেই তেওঁ ক’লে — “থাক, থাক, নালাগে। বায়’ডাটাৰে কাম একো নহয়। আপোনাৰ সম্পৰ্কে ইনফৰ্মেশ্বন আছে আমাৰ।” ভাস্বতী আচৰিত হ’ল। তাই আকৌ ক’লে — “কেপচন বা কপি-ৰাইট কৰা কামবোৰ মই পাৰিম বুলি বিশ্বাস। হিন্দী, বাংলা, ইংৰাজী, অসমীয়া — এই চাৰিটা ভাষাৰ কাম কৰিব পাৰিম। আপোনালোকৰ মাল্টিনেশ্বনেল কোম্পানীৰ সৈতে সম্পৰ্ক। কি বিষয়ত কেনেকৈ ‘ডিল’ কৰিব লাগিব বা কেনে সম্পৰ্ক…”
: আমাৰ জি-এমে ক’লে — তিনি বছৰ বয়সৰপৰা তেইশ বছৰ বয়সলৈকে যিজনী ছোৱালীয়ে মাক-দেউতাকৰ আঙুলি নধৰাকৈ খোজ কাঢ়িবলৈ শিকা নাই; তেওঁ পৰীক্ষাত যিমান টপ পজিশ্বন পাওক, চাকৰি নাপায়। এটা গুৰুত্বপূৰ্ণ পদত থাকি ‘ৰাইট-টাইম’ত ‘ৰাইট-ডিচিশ্বন’ ল’ব পৰাকৈ কনফিডেন্স থাকিবনে তাইৰ, যাৰ ছেল্ফ কনফিডেন্সেই নাই!”
: তাৰ পিছত?
: তাৰ পিছত কি হ’ব আৰু, সলসলাই চাহাবী ইংৰাজী কোৱা বিজিনেছ মেনেজমেণ্ট বিষয়ত প্রথম শ্ৰেণী পোৱা ছোৱালীজনীৰ ঠাইত ল’ৰা এটাই চাকৰি পালে। ভাস্বতীয়ে ইমানখিনি শুনাৰ পাছত প্রয়াগে তাইক থৈ…
“মই ৰাখিব লাগিব সেয়া আপোনালোকে বুজাই দিব লাগিব। মাছ কমিউনিকেশ্বন মই পঢ়িছিলোঁ, অসুবিধা হ’ব নালাগে। এইখিনি চাই যদি মই আপোনালোকৰ সহায়ত আহিম বুলি ভাবে, মোৰ আপত্তি নাই।” কথাখিনি কৈয়ে ভাস্বতীয়ে উশাহ এটা ল’লে দীঘলকৈ। “আমাক আপোনাৰ অৰ্হতাখিনিহে লাগে। আপুনি ইণ্টেলিজেণ্ট, কাম শিকিব
পাৰিব সোনকালে। ৰ’ব, আমাৰ চিফ এড্ভাৰটাইজিং
অফিচাৰৰ সৈতে আপোনাক চিনাকি কৰি দিওঁ’। বাৰ্মাই
ইণ্টাৰকমত কাৰোবাৰ সৈতে কথা পাতিলে। এটা বিছ বাইছ
বছৰীয়া ল’ৰাই ট্ৰেত এক টিপট চাহ, কাপ-প্লেট আৰু এখন
প্লেটত কেইটুকুৰামান ছুগাৰ কিউব দিলেহি। পিছে পিছে
এজন ওখ পঞ্চল্লিছ সাতচল্লিছ বছৰ বয়সৰ মানুহ সোমাই
আহিল। পিন্ধনত প্রাফিক ডিজাইনৰ ৰঙচঙীয়া ছাৰ্ট আৰু
এটা ফেডেড জিনছু। মানুহজনৰ খেলুৱৈসুলভ চেহেৰা।
‘এয়া বাসব বেনাজী। চিফ এড্ভাৰটাইজিং অফিচাৰ।
আগতে নিউইয়ৰ্কত আছিল। যোৱা চাৰি বছৰ ধৰি আমাৰ
ইয়াত। বেনাৰ্জী এড্কন ক্ৰিয়েটিভৰ বেন এণ্ড হাৰ্ট।
আপোনাকো প্রকৃততে এখেতেই আৱিষ্কাৰ কৰিছে।
আলতাফ হুছেইনে আপোনাৰ কথা কওঁতে বেনাৰ্জীয়ে
আপোনাক লোৱাৰ কথা ভাবিছিল ‘প্রথম’। ‘আলতাফ
হুছেইন ? জনছন এণ্ড ডেভিছ ক’ম্পেনিৰ পি-আৰ-অ’?’–
ভাস্বতীয়ে আচৰিত হৈ সুধিলে। ‘অঁ তেখেতেই । আমি
একেখন জগতৰে মানুহ। তেওঁ মিঃ বেনাজীৰ সৈতে
নিউইয়ৰ্কত কিছুদিন একেটা বিজ্ঞাপন সংস্থাতে কাম
কৰিছিল। তেতিয়াৰপৰাই বন্ধুত্ব’৷ — সুভাষ বাৰ্মাই কৈ
হীঁহিলে।
আলতাফ প্রয়াগৰ বন্ধু। আলতাফে ভাল উৰ্দু জানে।
কেবাটাও ভাষাত পাৰ্গত। পূৰ্বপুৰুষ লাহোৰৰ। এতিয়া
দিল্লীত বসবাস। আলতাফে ‘শ্বায়েৰী’ ভাল কয়। শ্বাহদাদ
হাচান মান্টো আৰু ছফদৰ হাচমীৰ বহু লেখা আলতাফে
বিভিন্ন ভাষালৈ অনুবাদ কৰিছে। আলতাফ এদিন সিহঁতৰ
ঘৰলৈ আহি বহুত ৰাতিলৈকে আড্ডা দিছিল। কবিতাৰ
প্রসংগ ওলাইছিল। প্ৰয়াগ আৰু আলতাফ সেইদিনা হুইস্কি
আৰু কবিতাৰ ৰসত আকণ্ঠ ডুবিছিল। সীমা নায়াৰে কৰা
ভাস্বতীৰ কবিতাৰ হিন্দী অনুবাদ পঢ়ি সি অভিভূত হৈছিল।
সেই আলতাফে ভাস্বতীৰ কথা বেনাজীক ক’লে? আচৰিত!
তাৰমানে তাই এড্কন ক্ৰিয়েটিভলৈ অহাৰ আঁৰত এটা পূৰ্ব
পৰিকল্পনাও লুকাই আছে! প্রয়াগে পায়ে কয়,
‘মাল্টিনেশ্যনেল ক’ম্পেনিৰ সৈতে যুক্ত থকা মানুহৰ
একোযোৰ জুহুৰীৰ চকু থাকে। মুখ মেলিলেই এওঁলোকে
গৰ্ভ দেখে’। কিন্তু তাইৰ দৰে পূৰ্ব অভিজ্ঞতা নথকা মানুহক
কিয় ল’লে? এয়া জানো জুহুৰীৰ চকু ? একো বুজি নাপালে
তাই।
‘এতিয়া কিছু দৰ্কাৰী কথালৈ আহোঁ?’ সুভাষ বাৰ্মাই
কৈ গ’ল — ‘প্রথম তিনিমাহ আপুনি ট্ৰেইনিং পিৰিয়ডত
থাকিব। তেতিয়া দৰমহা দু হেজাৰ পাঁচশ টকা প্লাছ যাতায়াত খৰচ। ট্ৰেইনিং পিৰিয়ডৰ পাছত পাব চাৰি হেজাৰ টকা। ডেইলি এলাৱেল পঁচিছ টকা এক্সট্ৰা। দেওবাৰৰ বাহিৰে মাহেকত এটা লিভ্। লিভ জমাও কৰিব পাৰে বা আমাক বিক্ৰী কৰিবও পাৰে। বিক্ৰী কৰিলে এদিনৰ দৰমহাতকৈ বিছ পাৰ্চেণ্ট বেছি পাব। লিভ ল’লৈ প্রতিমাহে ল’ব পাৰে এদিন। কিন্তু দৰকাৰতো অফিচলৈ নাহিলে আৰু যদি লিভ্ জমা
নাথাকে দৰমহাৰপৰা মাইনেছ হ’ব। টাৰ্মছ-কণ্ডিশ্যন সকলো লিখিতভাৱে নাথাকে। এতিয়াৰ এপইণ্টমেণ্ট লেটাৰত আপোনাক ট্ৰেনী বুলিহে দিয়া থাকিব। তিনিমাহ পাছত সম্পূৰ্ণ লেটাৰখন পাব। এনি প্ররেম?’ সকলোখিনি কৈ এম- ডি সুভাষ বাৰ্মাই তাইক সুধিলে। তাই সোঁৱে-বাৱেঁ মূৰ জোকাৰি নাই বুলি ক’লে। এই গোটেই সময়ছোৱা বাসব বেনাৰ্জীয়ে কেৱল তলমূৰকৈ মূৰ দুপিয়াই গৈছিল। এইবাৰ তাইৰ ফালে মূৰ তুলি চাই ক’লে — ‘আপুনি আচল কামখিনি দহ-পোন্ধৰ দিনতে জানি যাব। ইয়াৰ লগে লগে মই আপোনাক প্রজেক্ট ৰিপ’ৰ্ট বনাবলৈও শিকাম’। পেনচিল হিলৰ খট্খটনি তুলি এজনী ছোৱালী সোমাই আহিল। হাতত এখন নোট বুক। বেনাৰ্জীয়ে পৰিচয় কৰি দিলে —
‘এয়া ষ্টেলা লামা। এওঁ হোৱাট নট্’। তাৰ পাছত হীহি হীহি আকৌ ক’লে — ‘ষ্টেলা টাইপিষ্ট, ষ্টেনো, একাউণ্টেণ্ট, ৰিচেপশ্যনিষ্ট্ৰো মাজে মাজে। এওঁ ভাস্বতী চলিহা। আজি জইন কৰিব পি-আৰ-অ’ হিচাপে ৷ সাহিত্যতো হাত আছে। কপি-ৰাইট কেপচনৰো কাম কৰিব’। ষ্টেলাই সৰুকৈ ক’লে -_ ‘হেল্ল”। সুভাষ বাৰ্মাই ষ্টেলাক ক’লে এখন জইনিং লেটাৰ টাইপ কৰিবলৈ। বেনাজীয়ে ক’লে — ‘ষ্টাফো অফিচত কম। দুজন কমাচিয়েল আৰ্টিষ্ট-কাম-ফটোগ্ৰাফাৰ — প্ৰসেন সাহা আৰু চিন্ময় দেৱ। এওঁলোক কম্পিউটাৰতো
বহে। ডিটিপি আৰু প্ৰিণ্টিং ছেকশ্যনৰ হেড ৰবীন লিংডো’। ‘খাছী?’ — ভাস্বতীয়ে উৎফুল্লিত হৈ সুধিলে। ‘অঁ, মাক বাঙালী। ৰবীনে একেবাৰে সৰুতে শ্বিলঙতে থকা বুলিহে কৈছিল। মায়া লাহিড়ী থাকে ৰিচেপশ্যনত’। ভাস্বতীয়ে অফিচটোত লগ পোৱা প্রথম ছোৱালীজনীয়ে মায়া লাহিড়ী বুলি জানি ক’লে, ‘মই লগ পাইছো’। ‘তেওঁ কমিউনিকেটৰো। ক্লায়েণ্ট আৰু অফিচৰ মাজৰ প্রত্যক্ষ সম্পৰ্ক তেৱেঁই ৰাখে। তাৰ পাছত এটা বিয়েৰাৰ আছে বিনয়। ডাক অনাৰপৰা বাহিৰৰ কাম-কাজ কৰা দুজন পাৰ্ট-টাইমাৰ আছে। এজন ৰাতিপুৱা আৰু এগৰাকী মহিলা পিছবেলা আহে। ষ্টেলাক লগ পালাই’। ষ্টেলাক দেখিয়েই ভাস্বতীৰ মনটো ভাল লাগি গৈছিল। মুখখন দেখিবলৈ তাইৰ একালৰ বান্ধৱী বাসন্তী গোহাঁইৰ দৰে। এবাৰ দিল্লীত এনেকুৱা মুখৰ এহাল মানুহ দেখি অসম বা উত্তৰ-পূৰ্বাঞ্চলৰে বুলি তাই ৰাস্তাতে উপযাচি চিনাকি হৈছিল। সিহঁতহাল পিছে ইণ্ডোনেছিয়াৰ আছিল। আলতাফ হুছেইনেও এবাৰ কৈছিল, ‘জাপানী বা চীনা এজনৰ কুণ্ডত কটা নাক, বৈ পৰা চেলাউৰি যেনেকৈ কল্পনা কৰিও ভাল নালাগে, উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ মুখতো মঙ্গোলিয়ান সাঁচ এটা নাথাকিলে ভাল নালাগে’। ষ্টেলা আকৌ সোমাই আহিল ‘এপইণ্টমেণ্ট লেটাৰ’খন লৈ। সুভাষ বাৰ্মাই তলত চহী কৰিয়েই তাইলৈ হাত এখন আগবঢ়াই দি কৰমৰ্দন কৰি ক’লে — ফ্ৰম নাও ইউ আৰ মেম্বাৰ অৱ আৱাৰ ‘এড্কন’ ফেমিলি, ৱেলকাম এণ্ড গুড় লাক’। চি-এ-আঅৰয়ো শুভেচ্ছা দিলে। পিছদিনাৰপৰাই কাম কৰা প্রতিশ্ৰুতি দি তাই যাবলৈ উঠিল। তাইৰ সৈতে মিঃ বেনাজীও উঠিল। এম-ডিৰ ৰূমৰপৰা ওলায়ে চি-এ-অ’ বেনাৰ্জীয়ে কৈ কৈ আহিল তাইক — ‘মাত্র পাঁচটা বছৰত কেইজনমান দক্ষ কমী আৰু ইণ্টেলিজেণ্ট মানুহক লৈ আমি বৰ্তমান আশী-নব্বৈ লাখ টকাৰ কাম কৰিছোঁ। এই বছৰত আমাৰ টাৰ্গেট আৰু বেছি। এটা ষ্টুডিঅ’ আছে লেনিন সৰণিত ? ষ্টাফো ভাল। বহু প্রতিষ্ঠিত পুৰণা বিজ্ঞাপন সংস্থাই আমাক এতিয়া ষ্টৰ্ষাৰ চকুৰে চায়। মুখৰ কাম কাঢ়িছৌ আমি তেওঁলোকৰ। খুব সোনকালে প্ৰতিখন মেগা-চিটিত আমাৰ ব্ৰাঞ্চ হ’ব। দিল্লী আৰু বাঙ্গালোৰত ইতিমধ্যে হৈছে। দক্ষ মানুহ ল’ম। আমাৰ স্পেচিয়েল ট্ৰেনিং হ’ব। এম-ডি বাৰ্মা ছিম্পলি হি ইজ আ জিনিয়াছ — চাব সোনকালেই আমি নাম্বাৰ ওৱান হ’ম’। –মিঃ বেনাৰ্জীৰ কথাবোৰ ভাস্বতীৰ কোনোবা একনায়কত্ববাদী চৰকাৰৰ নেতাৰ দৰে লাগিল। ভাস্বতীয়ে মন কৰিলে ‘এড্কন’ৰ প্ৰতিজন কৰ্মীয়ে তিনিচাৰিটা বিভিন্ন ধৰণৰ কাম জানে। ‘মডাৰ্ণ অফিচ মেনেজমেন্ট’ৰ ধাৰণা এইটোৱেই। ‘বছ’জনে টাইপো কৰে, সময়ত ৰিচেপশ্যনৰ চকীতো বহে। কোনোবা কৰ্মী নাহিল বুলি কামটো পৰি নাথাকে। যিমান ডায়নামিক হ’ব সিমান কাম হ’ব। লগে লগে থাকিব কৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ। অফিচ সম্পৰ্কত এই কথাবিলাক তাই প্রয়াগৰপৰাই শুনে। ক’লা মাৰ্বল টাইল্ছৰ দহ মহলীয়া ঘৰটোৰপৰা ওলাই
আহি ৰাস্তাত ভৰি দিয়েই ভাস্বতীয়ে ভাবিলে, সঁচাকৈয়ে
তাই এই মহানগৰত কাম এটা পালেনে? সঁচাইতো!
এতিয়াও তাইৰ বেগটোতে ভীজ লাগি পৰি আছে
এপইন্টমেন্ট লেটাৰখন। ইমানদিনে শুনিছিলহে, কলিকতাই
কাকো বিমুখ নকৰে। অজানিতে তাইৰ মন এই অপৰিষ্কাৰ
ধোঁৱা, শোভাযাত্ৰা, মানুহৰ ভিৰে আৱৰি থকা মহানগৰখনৰ
প্রতি কৃতজ্ঞতাৰে ভৰি পৰিল। প্রয়াগে ঠিকেই কয় — ‘আনৰ
সহায় নোলোৱাকৈ নিজে কিবা এটা অৰ্জন কৰাৰ
অনুভূতিৰপৰা যি বঞ্চিত, তেওঁ জীৱনৰ প্রকৃত আনন্দৰপৰাই
বঞ্চিত। প্রয়াগৰ ওপৰত উঠা খংটো তাইৰ এতিয়া নাই।
ৰাতি ভাত খাই উঠাৰ পিছত বিছনাত বাতৰি কাক্ৰিতখন প্রয়াগে মেলি লোৱা সময়কণেই ভাস্বতী আৰু প্রয়াগৰ অন্তৰঙ্গ সময়। ৰাতিপুৱা চাৰে সাত বজাত ওলাই যোৱা প্রয়াগ আহি ঘৰ পাওঁতে ৰাতি চাৰে নটা-দহটা বাজে। অৰ্থাৎ পুৱা ছয় বজাত দি যোৱা ‘ষ্টেটছমেন’খনৰ খবৰবোৰ পোন্ধৰ-যোল্ল ঘন্টা পুৰণি হোৱাৰ পাছত প্রয়াগে পঢ়ে। ‘আচ্ছা কোৱাচোন, তেওঁলোকে ক’তো পেপাৰ এড্ নিদিয়াকৈ কিয় খপকৈ মোক ল’লে ?’ — ভাস্বতীয়ে বিছনাত গাৰু দুটাত ভেজা দি সুধিলে। প্রয়াগে হামি এটা মাৰি খবৰ কাগজখন একাষৰীয়াকৈ থৈ ভাস্বতীৰ ফালে অকণমান হালি গৈ তাইৰ গাত ভেজা দি ক’লে — ‘লেছ মেন পাৱাৰ, বাট ম’ৰ ৱৰ্ক, এয়া আজিকালি প্রাইভেট অৰগেনাইজেশ্যনবোৰৰ ধৰ্ম হৈ গৈছে। মানে ‘জোতা চিলাইৰপৰা চণ্ডী পাঠলৈকে’ জানা মানুহ হ’লে ভাল পায়। ইণ্টাৰভিউ কল কৰি, পেপাৰ এড্ভাৰটাইজমেণ্ট দি, তদুপৰি অহা-যোৱা, তেওঁলোকক একাপকৈ চাহ খুওৱা ইত্যাদি খৰচবোৰ কৰাৰ পাছতো কেতিয়াবা দেখা যায় মনোমত প্ৰাৰ্থীয়ে নোলাল। তথাপিও ডাঙৰ ক’ম্পেনিবোৰে পেপাৰ-এড্ দিয়ে। এনেকুৱা নতুন ক’ম্পেনিবোৰে তলে তলে মানুহ চায়। মাত্ৰ এটা পোষ্টৰ বাবে বেছি ব্বামেলালৈ নেযায়। এওঁলোকে ব্যৱসায় ভাল চিনে। আৰম্ভণি মজবুত কৰে কেইজনমান দক্ষ মানুহ লৈ। কোটি টকা টাৰ্ন-অ’ভাৰ হ’লেহে পাখি মেলি নিজেও উৰিব আনকো দেখুৱাব। আমাৰ অসমৰ দৰে একলাখ টকাৰ খণ এটা লৈয়ে প্রথমে কাৰবাৰ আৰম্ভ কৰাতকৈ ছেকেণ্ড হেণ্ড।
To be continued…..