ৱাশ্বিংটন (১)
ছবিত সাগৰ দেখিছোঁ। নীলা সাগৰ। কিতাপতো ইয়াৰ বর্ণনা পঢ়িছোঁ। বিশেষকৈ কবিতাত। লর্ড বাইৰণ, জন্ মেছফিল্ড আদিৰ কবিতাত। সেই যেঃ “নীলিম সলিল ৰাশি, বাধাহীন উর্মিমালা, আছে দূৰ দিগন্ত বিয়াপি।” ইয়াৰ আগতে “দিগন্ত বিয়াপি” থকা সাগৰৰ সীমাৰেখা চকুৰ পৰ্দ্দাত তেনেকৈ ধৰা পৰা নাছিল। পোনতে সাগৰ দেখিছিলোঁ। আজি তিনি বছৰৰ আগতে ব্রহ্মদেশলৈ যাওঁতে। সেইয়া সাগৰৰ চকামকা পোহৰহে। ভমককৈ চকুৰ আগত দেখা দি, আকৌ নোহোৱা হোৱা। ৰূপালী পৰ্দ্দাৰ চলন্ত ছবি যেন।…. আজি সাগৰ দেখিছোঁ। চকামকাকৈ নহয়। একেৰাহে। এইয়া সাগৰ কবিৰ কল্পনাৰ সাগৰ নহয়। আচল সাগৰ। পাৰ নেদেখা মহাসাগৰ। বাটৰ এগৰাকী সহযাত্রীয়ে কৈছিল: জহকালি হেনো কৰাচী বিমান-কোঠৰ পৰাই বতাহত উটি অহা সাগৰৰ লুণীয়া গোন্ধ পায়। আমাৰ দুর্ভাগ্য। আমি আহিবৰ দিনা আকাশত এধানো বতাহ নাছিল। গতিকেই সাগৰৰ গোন্ধ আমি পোৱা নাছিলোঁ। মনটো “সাগৰৰ দৰে নীলা, বেদনাৰে” হোৱা নাছিল যদিও বেয়া লাগিছিল ।সেই দিনা ভিছেম্বৰ মাহৰ ৬ তাৰিখ। ১৯৫৩ চন। দেওবাৰ। ৬ ডিছেম্বৰ তাৰিখটো আমাৰ কাৰণে ঐতিহ্যপূর্ণ, নহয় জানো? বিশেষকৈ সংগ্রামশীল ছাত্র-জীৱনত। কথাষাৰ ঘনাই মোৰ মনত পৰিছিল। কৰাচী বিমান-কোঠ তেনেই মুকলি ঠাইত। কেউদিশে উন্মুক্ত খৰাং পথাৰ। ওচৰত তেনেকৈ লেখত লবলগীয়া ঘৰ-দুৱাৰ একো নাই। ঘাঁহবোৰে জাৰত মুজুৰা মাৰিছিল। একেবাৰেই মুগাবৰণীয়া হৈ পৰিছিল।…
বিমান খনে কৰাচী বন্দৰ এৰাৰ অলপ পিছতেই আমি সাগৰৰ বুকুত পাৰি দিছিলো। ইপাৰ সিপাৰ আমাৰ চকুত পৰা নাছিল। আমি যেন মহাশূন্যৰ বুকুত ওপঙি ফুৰিছোঁ। দূৰ দূৰণিত আকাশ আৰু সাগৰৰ লেশমানো পার্থক্য নাই। উভয়েই শেঁতা নীলা। উভয়েই বহল, মানুহৰ দৃষ্টি অতিক্ৰম কৰা। সাগৰ আৰু আকাশ দুয়োৰে বুকুত সময়ে সময়ে ৰামধেনুৰ সাত বৰণীয়া ৰঙে ধেমালি খেলিছিল। আমাৰ বিমানখনৰ নামো “ৰামধেনু”। “ৰামধেনু” নামে এখন খ্যাতনামা ৰুছ দেশীয় উপন্যাস আছে। এখন আমাৰ আলোচনীও আছে, নহয় জানো? চকুৰ আগতে দেখিছিলোঁ, সাগৰ আৰু আকাশ মিলি যেন এক মহাশূন্যৰ সৃষ্টি হৈছে। অঙ্ক-শাস্ত্ৰৰ শূন্য নহয়। উপনিষদৰ শূন্যূহে। সাগৰখন নিস্তব্ধ। ক’তো ঢউৰ জোকাৰণি নাই। নিতাল মাৰি শুই আছে। অকণো সাৰসুৰ নাই। নিদ্রাদেবীৰ কোলাত যেন সোণৰ কাঠিৰ স্পৰ্শ-আতুৰা কোনোবা তন্দ্রাতুৰা গাভৰুহে।……
সাগৰখন দেখি মোৰ দেৱ বৰুৱাৰ “কলং পাৰত” বোলা কবিতাটোলৈ মনত পৰিছিল। সেই যেঃ
“অত পৰে আছিলা লাহৰী,
তোমালৈকে আছো বাট চাই,
অথনিৰে পৰা…..”।
To be continued….